অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামৰুল ইছলাম চৌধুৰীয়ে এৰিলে দল। কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা চৌধুৰীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পত্ৰত চৌধুৰীয়ে লিখে– “যোৱা কেইমাহমানৰ ভিতৰত এপিচিচিৰ নিৰ্দেশনাহীন আৰু বিভ্ৰান্তিকৰ নেতৃত্ব”ৰ বাবে তেওঁ পদত্যাগ কৰিছে।
পত্ৰখনত তেওঁ লিখিছে– ''মই শ্ৰীমতী ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ লগতে সমূহ কংগ্ৰেছ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক কংগ্ৰেছ দলৰ বিভিন্ন পদত থাকি ৰাইজৰ পক্ষত কাম কৰাৰ সুযোগ দিয়াৰ বাবে। আজিৰ এই মুহূৰ্তত মই শদিয়াৰ পৰা ধুবুৰীলৈ থকা মোৰ সেইসকল শুভাকাংক্ষী আৰু যুৱ বন্ধু–বান্ধৱীলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে আজিলৈ সামাজিক কাম–কাজত মোক সকলোধৰণে সহায়–সহযোগিতা, দিহা–পৰামৰ্শ দি আগবঢ়াই নিলে। লগতে কটন মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ সেইসকল সতীৰ্থ, অগ্ৰজ তথা অনুজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ থাকিল, যিসকলে ছাত্ৰ জীৱনৰ দিনৰে পৰা মোৰ ভাল বেয়া সকলো সময়তে সহযাত্ৰী হিচাপে মোৰ লগত থিয় দিছিল। কিন্তু বৰ্তমান সময়ত দলত চলি থকা অন্তঃকন্দল তথা অনুশাসনহীনতাৰ বাবে দলটোৱে ৰাইজৰ আশা–আকাংক্ষাক প্ৰতিফলিত কৰাত ব্যৰ্থ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দলৰ সদস্য হৈ কাম কৰি থকাটো মোৰ বাবে অসম্ভৱ হৈ পৰিছে। গতিকে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। অনাগত দিনতো যাতে সামাজিক জীৱনত আপোনালোকৰ পৰা মূল্যৱান আৰু গঠনমূলক দিহা–পৰামৰ্শ পাই যাওঁ, সেয়াই কামনা কৰিলোঁ।''
চৌধুৰীয়ে লগতে দাবী কৰে যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটদান কৰা দলৰ বিধায়ককেইগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, যিয়ে “বছৰ বছৰ ধৰি দলটোৰ বাবে তেজ-ঘাম দি অহা মোৰ দৰে হাজাৰ হাজাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনোবল হ্ৰাস কৰিছে।”
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|