মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীক কটাক্ষ ৰিপুণ বৰাৰ

অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীক কটাক্ষ ৰিপুণ বৰাৰ

News18 Assam | News18-Assam
Updated:July 16, 2021, 1:21 PM IST
অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীক কটাক্ষ ৰিপুণ বৰাৰ
File Photo

কোভিড সৃষ্ট পৰিবেশৰ মাজতে প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ।

  • Share this:
আকাশলংঘী মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সৰ্বসাধাৰণক। প্ৰতিদিনে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ইফালে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্যইয়ো স্পৰ্শ কৰিছে শতকৰ ঘৰ। বৃহস্পতিবাৰে লখিমপুৰত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হ'লগৈ ১০০.০৭ টকা। অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া ক্ষোভিত কৰি তুলিছে সাধাৰণ জনতাক।

শুকুৰবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে ৰাজপথত নামিল প্ৰদেশ কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্য্যসূচী ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে।  ইফালে অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম বিধানসভাৰ মজিয়াতো প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধী পক্ষই।

প্ৰতিবাদৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, মূল্য নিযন্ত্ৰণত চূড়ান্ত ব্যৰ্থ চৰকাৰখন ৷ চৰকাৰৰ এনে স্থিতিত অতিষ্ঠ হৈ পৰিছে অসমৰ প্ৰতিগৰাকী জনগণ ৷ আগন্তুক উপ-নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ   বিজেপিয়ে লাভ কৰিব।'
Published by: Himangshu Bhuyan
First published: July 16, 2021, 1:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি