মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজনীতিৰ চুপতিত এতিয়া 'সাহিত্য' ! সপোনপুৰীত কংগ্ৰেছ, বিজেপি আৰু সাহিত্য ... 

ৰাজনীতিৰ চুপতিত এতিয়া 'সাহিত্য' ! সপোনপুৰীত কংগ্ৰেছ, বিজেপি আৰু সাহিত্য ... 

অসমৰ ৰাজনীতিত যেন সাহিত্যৰ এটা ধাৰাহে সংযোজিত হৈছে ৷ ৰাজনীতিকৰ মুখত কবিতাই শুনিব নে গ্ৰন্থৰ কথাই শুনিব ৷

অসমৰ ৰাজনীতিত যেন সাহিত্যৰ এটা ধাৰাহে সংযোজিত হৈছে ৷ ৰাজনীতিকৰ মুখত কবিতাই শুনিব নে গ্ৰন্থৰ কথাই শুনিব ৷

অসমৰ ৰাজনীতিত যেন সাহিত্যৰ এটা ধাৰাহে সংযোজিত হৈছে ৷ ৰাজনীতিকৰ মুখত কবিতাই শুনিব নে গ্ৰন্থৰ কথাই শুনিব ৷

  • Share this:
অসমৰ ৰাজনীতিত যেন সাহিত্যৰ এটা ধাৰাহে সংযোজিত হৈছে ৷ ৰাজনীতিকৰ মুখত কবিতাই শুনিব নে গ্ৰন্থৰ কথাই শুনিব ৷ কোনোবাই পঢ়িবলৈ কৈছে সপোনৰ পম খেদিব পৰা কিতাপ, কোনোবাই পদ্য আওৰাইছে আৰু কোনোবাই কৈছে বাস্তৱৰ কথা ৷ মাজে মাজে কবিতা চৰ্চা কৰি ৰাজনীতি গৰম কৰা ভূপেন বৰাক এইবাৰ সপোনপুৰীৰ কথা কৈছে শাসকীয় মন্ত্ৰী বিধায়কে ৷

'স্বপ্নপুৰীত চৰকাৰ কৰিব কংগ্ৰেছে ৷ সপোনপুৰীতহে হ'ব কংগ্ৰেছৰ মন্ত্ৰীসভা ৷" সোমবাৰে কংগ্ৰেছে লোকসভাত ১৪খন আসন পাম বুলি কৰা দাবীৰ প্ৰতিক্ৰিয়াত এইদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ একে সময়তে মন্ত্ৰী পীয়ূষ হাজৰিকাই কৈছে, "১৪খনহে নে, আৰু দুখনমান চাফ চিকুনৰ বাবেও পৰীক্ষাত দিয়াৰ দৰে দিব পাৰি ৷" ইয়াৰ পিছতে APCCৰ সভাপতি ভূপেন বৰাই ক'লে, বিজেপিয়ে কিতাপ পঢ়িব লাগে ৷ বিজেপিয়ে পঢ়ক বেকনছ্ এছে, আত্মানুসন্ধান ৷ সপোনৰ কথা শিকক, বুজক বিজেপিয়ে ৷"ৰাজনীতিকৰ কাব্য চৰ্চা সাহিত্য চৰ্চা বাঢ়িছে বুলি এইখিনিতে এক ধাৰণাই কৰিব পাৰি ৷ ৰাজনীতিকৰ মুখ চুপতি লাহে লাহে ইতিবাচক হোৱা বুলিও কৈ দিব পাৰি এইখিনিতে ৷ অশোভনীয় বাক্যবাণৰ ঠাইত যেন লাহে লাহে মাৰ্জিত হৈছে আক্ৰমণ, প্ৰত্যাক্ৰমণ ৷ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে এই বিষয়টোত ক'লে, "কংগ্ৰেছ এতিয়া চেছিছ্ নোহোৱা গাড়ী ৷ এলাইনমেণ্ট ঠিক কৰক কংগ্ৰেছে ৷"এইখিনি কৈ উঠি প্ৰশান্ত ফুকনে মঃ চোলেইমান খাঃৰ পদ্য 'নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ' আওৰাই ক'লে, কংগ্ৰেছে ২০৩১লৈকে জয়ৰ কথা ভাবি লাভেই নাই ৷ লগতে ক'লে LDPৰ কংগ্ৰেছত চামিলো ফলপ্ৰসূ নহ'ব ৷ কংগ্ৰেছৰ লোকসভা জয়ৰ সপোনক, বৰ্তমানৰ কুচকাৱাজক মক পাৰ্লিয়ামেণ্ট হৈ ৰ'ব বুলি কটাক্ষ কৰিলে লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই ৷ লগতে ডেকাই ক'লে, সাংসদ অজিত ভূঞাক স্পীকাৰ পাতি মক পাৰ্লিয়ামেণ্ট কৰি থাকক ভূপেন বৰাই ৷

ৰাজনীতিৰ চুপতিত এতিয়া 'সাহিত্য'ৰাজনীতিৰ চুপতিত এতিয়া 'সাহিত্য'

শেহতীয়া বাতৰি