
অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আজি নৱম দিন। এই নৱম দিনত জনীয়া সমষ্টিৰ বৰতাৰীৰ পৰা বামুনটাৰীলৈ কৰে এই ভাৰত জড়ো যাত্ৰা।
অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ আজি নৱম দিন। এই নৱম দিনত জনীয়া সমষ্টিৰ বৰতাৰীৰ পৰা বামুনটাৰীলৈ কৰে এই ভাৰত জড়ো যাত্ৰা।
আজি অসমত ভাৰত জোড়ো যাত্ৰাৰ নৱম দিন। এই নৱম দিনত জনীয়া সমষ্টিৰ বৰতাৰীৰ পৰা বামুনটাৰীলৈ কৰে এই যাত্ৰা। যাত্ৰাৰ প্ৰাক মুহূৰ্তত দেউৰী পৰিষদৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ কেনে হ'ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ পৰা ফালৰি কাটি বিহপুৰীয়াৰ বিধায়কক ৰাইজে কিয় চৰ সোধালে বুলি বিজেপিক উভতি ধৰিলে অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। লগতে জনীয়াৰ বিধায়কে দিয়া চাহ খোৱাৰ নিমন্ত্ৰণ সম্পৰ্কে ভুপেন বৰাই বিধায়ক ৰফিকুল ইছলামক কটাক্ষ কৰাৰ ওপৰিও চাহ খোৱা সম্পৰ্কে সোধা সাংবাদিকক ওলোটাই বিধায়ক ৰফিকুল ইছলামৰ মুখপাত্ৰ নেকি বুলি প্ৰশ্ন কৰে।
কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা চৰাঞ্চলত কৰাৰ বিপৰীতে খিলঞ্জীয়া লোকে কংগ্ৰেছ ছোৰো যাত্ৰা আৰম্ভ কৰিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা মন্তব্য প্ৰতিক্ৰিয়া জানিব বিচৰাত ভূপেন বৰাই আৰু কয় যে বিহপুৰীয়াৰ বিধায়কৰ দৰে ৰাইজে ভৱেশ কলিতাক নচৰিয়ালেই ৰক্ষা বুলি তীৰ্যক মন্তব্য কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ইপিনে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই পৰোক্ষ ভাৱে মিয়া মিউজিয়ামৰ সমৰ্থন কৰো বুলি কোৱাৰ লগতে মিয়া নামৰ কোনো জাতি নাই, মিয়া এটা সন্মানীয় শব্দ বুলি কয় দেৱব্ৰত শইকীয়াই। জেহাদিৰ কাৰ্যকলাপত মাদ্ৰাছা জড়িত থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি অপপ্ৰচাৰ চলাইছে সেয়া তাৰ কোনো সত্যতা নাই বুলিও কয় দেৱব্ৰত শইকীয়াই। এ আই ইউ ডি এফ আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে। এই ভাৰত জোৰো যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,বৰপেটাৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক ক্ৰমে-আব্দুল বাতেন খন্দকাৰ, প্ৰদীপ সৰকাৰ, জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰহিম আহমেদ আদি কৰি ভালে সংখ্যক নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|