ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যা কুমাৰীৰ পৰা কাশ্মীৰলৈ চলি থকা "ভাৰত জোড়ো যাত্ৰা" ৰ সমান্তৰালকৈ অসমতো যোৱা ১ নৱেম্বৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে " ভাৰত জোড়ো যাত্ৰা , অসম " ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ কৰিছে।
কংগ্ৰেছে উল্লেখ কৰে যে বিজেপি দল আৰু শাসনাধিষ্ঠিত চৰকাৰে দেশৰ সংবিধানৰ প্ৰতি সৃষ্টি কৰা চৰম ভাবুকি , বাক স্বাধীনতা ৰুদ্ধ কৰাৰ প্ৰয়াস, চৰম ধৰ্মীয় অসহিষ্ণুতা, চৰম মূল্যবৃদ্ধি, নিবনুৱা সংস্থাপনৰ প্ৰতি প্ৰকাশ কৰা অনীহা, দেশৰ ঐক্য-সংহতি বিনষ্ট কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক দল-মত , জাতি , ধৰ্ম , ভাষা নিৰ্বিশেষে একগোট কৰি ভাৰতবৰ্ষক বিশ্বৰ অন্যতম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই যাত্ৰা সমগ্ৰ ভাৰতত কৰা হৈছে।
ৰাজনীতিৰ ঊৰ্ধ্বত থাকি যিসকলে ভাৰতবৰ্ষক একগোট কৰি আগুৱাই লৈ যোৱাৰ সপোন দেখে, এই সকলো ব্যক্তিক এই যাত্ৰাৰ অংশীদাৰ হ'বলৈ অনুৰোধ জনাইছে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।
আজি বিয়লি নাজিৰা বিধানসভা সমষ্টিৰ নাজিৰা নগৰস্থ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ কাষৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিস্থল সংহতি ক্ষেত্ৰৰ পৰা নাজিৰা চাৰিআলি হৈ মাহমৰা বিধানসভা সমষ্টিৰ ঐতিহাসিক গড়গাঁও কাৰেংঘৰ প্ৰাংগণত উপস্থিত হয়।
আৰম্ভণিতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া আৰু ড° বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে "ভাৰত জোড়ো যাত্ৰা, অসম " আৰম্ভ কৰে। এই যাত্ৰাত পৱন সিং ঘাটোৱাৰ , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কমলাক্ষদেৱ পুৰকায়স্থ , বসন্ত দাস , ড° হেম প্ৰভা শইকীয়া , প্ৰণতি ফুকন , নন্দিতা দেৱ , এটোৱা মুণ্ডা, বিস্মিতা গগৈ , জীৱনতাৰা ঘাটোৱাৰ , ৰেকিবুদ্দিন আহমেদ , ৰাণা গোস্বামী আদিকে ধৰি ভালেকেইগৰাকী অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। আনহাতে আজি নাজিৰাত হাজাৰ হাজাৰ জনতাই এই যাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।