Go for Glory: লাভলিনা বৰগোহাঁইৰ সফলতাৰ বাবে চাইকেল চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, ৰেলীত ভাগ ল'লে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈয়েও

News18 Assam | News18-Assam
Updated:July 21, 2021, 11:35 AM IST
Go for Glory: লাভলিনা বৰগোহাঁইৰ সফলতাৰ বাবে চাইকেল চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, ৰেলীত ভাগ ল'লে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈয়েও
মহানগৰীৰ লাষ্ট গেটৰ পৰা উলুবাৰীৰ নেহৰু ষ্টেডিয়ামলৈ  চাইকেল চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মহানগৰীৰ লাষ্ট গেটৰ পৰা উলুবাৰীৰ নেহৰু ষ্টেডিয়ামলৈ  চাইকেল চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ টকিঅ' অনুষ্ঠিত হ'ব অলিম্পিক গেমছ। বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ "অলিম্পিক গেমছ"ৰ বাবে সম্পূৰ্ণ ৰূপে সাজু অসমৰ খেলুৱৈ লাভলিনা বৰগোহাঁই। জাপানত উজলি উঠক অসমৰ জিয়ৰী লাভলিনা বৰগোহাঁই। তাৰ বাবেই বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীত উলিওৱা হয় 'Go for Glory' চাইকেল ৰেলী।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিয়া চাইকেল ৰেলীত কেইবাজনো মন্ত্ৰী ক্ৰমে বিমল বৰা, পীয়ুষ হাজৰিকা, অতুল বৰা, পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাস, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধাক্ষ ডা: নোমল মমিনৰ উপৰি বিভিন্ন দলৰ বিধায়কসকলে  অংশ লয়।

মহানগৰীৰ লাষ্ট গেটৰ পৰা উলুবাৰীৰ নেহৰু ষ্টেডিয়ামলৈ  চাইকেল চলালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও।অলিম্পিকলৈ মাজত  মাত্ৰ এটা দিন থকা অৱস্থাত লাভলিনাকলৈ উৎসাহী আৰু আনন্দিতহৈ আছে ৰাজ্যবাসী।

ৰাজ্যবাসীয়ে আশা কৰিছে লাভলিনাই টকিঅ'ৰ পৰা অসমলৈ বুটলি আনিব স্বৰ্ণপদক। অলিম্পিক গেমছত অংশ ল'বলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ লাভলিনাৰ বাবে মঙলবাৰে চৰকাৰে অসম বিধান সভাত  শুভেচ্ছাৰ প্ৰস্তাৱ পাঠ কৰা দেখা গৈছিল।

সদনত চৰকাৰৰ হৈ মঙলবাৰে শুভেচ্ছামূলক প্ৰস্তাৱ পাঠ কৰিছিল সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। লাভলিনা বৰগোহাঁইকলৈ চৰকাৰে অনা প্ৰস্তাৱক শাসক বিৰোধী সকলো দল আৰু বিধায়কে আদৰণি জনায়। সকলোৱে অলিম্পিকৰ বাবে লাভলিনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
Published by: Himangshu Bhuyan
First published: July 21, 2021, 11:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি