‘আহক এখন নতুন অসম গঢ়ো’ নৱবৰ্ষৰ শুভেচ্ছা জনাই অসমবাসীক কি আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

News18 Assam | News18-Assam
Updated:January 1, 2020, 1:59 PM IST
‘আহক এখন নতুন অসম গঢ়ো’ নৱবৰ্ষৰ শুভেচ্ছা জনাই অসমবাসীক কি আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
নৱবৰ্ষৰ প্ৰথম দিনাই সাংবাদিকৰ সৈতে মত বিনিময় সোণোৱালৰ।

নৱবৰ্ষৰ প্ৰথম দিনাই সাংবাদিকৰ সৈতে মত বিনিময় সোণোৱালৰ।

  • Share this:
অসমবাসীক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা,  মই সমালোচনা ভালপাও।  এই চৰকাৰে ৰাজ্যত শান্তি সম্প্ৰীতি, ভাতৃত্ববোধৰ বাবে কাম কৰি আছে, কৰি যাব বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয় সংবাদ মাধ্যম অত্যন্ত গুৰুত্বপূৰ্ণ গণতন্ত্ৰৰ কাৰণে। এই সংবাদ মাধ্যমৰ আহ্বান ইতিবাচক ভাৱে গ্ৰহণ কৰিম, কথা দিয়ে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয় লগতে কয়, CAA জৰিয়তে কোটিৰ ঘৰত বাংলাদেশী অসমলৈ আহিব বুলি কোৱাটো কোনো ভিত্তি নাই, CAAৰ নামত বহু অপপ্ৰচাৰ হ’ল। সোণোৱালে কয়, মই মুখ্যমন্ত্ৰী হৈ থকালৈ খিলঞ্জীয়া বিৰোধী কাম হবলৈ নিদিও। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হল আমাৰ দিনত, অৱশ্যে দুৰ্নীতি পুলিয়ে পোখাই উভালি পেলোৱাত প্ৰত্যাহ্বান আছে বুলি কয় সোণোৱালে।
নৱবৰ্ষৰ প্ৰথম দিনটোৰ পুৱাই সাংবাদিকৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীয়ে কয়, ৰাষ্ট্ৰীয় দলত যোগদান কৰিলো বুলিয়েই জাতীয় চেতনা বিসৰ্জন দিয়া নাই। সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, মোক অপৰাধী সজোৱা হৈছে,  কিন্তু মই জাতিৰ ক্ষতি নকৰো।

ৰাজ্যত ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ হোৱাৰ সময়তে বিভিন্ন অপপ্ৰচাৰ ৰাজ্যত চলিছে, এই দাবীৰে সোণোৱালে কয়, চাহ বাগিচাৰ শ্ৰমিকৰ মাটি কাঢ়ি নিব বুলি অপপ্ৰচাৰ চলিল, গাঁৱৰ খেতিয়কে মাটি হেৰুৱাব বুলি অপপ্ৰচাৰ চলিল। চাওলুং চুকাফাৰ আদৰ্শক শ্ৰদ্ধা জনাই সৰু জাতি, জনগোষ্ঠীক মৰ্যাদা ৰাজ্য চৰকাৰে প্ৰদান কৰাৰ কথা তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত লৈ ইতিমধ্যে পট্টা দিয়া হৈছে ১লাখ ৩০হাজাৰ চাহ শ্ৰমিকক। খিলঞ্জীয়া ভূমিপুত্ৰক দিয়া হ'ব ভূমিৰ অধিকাৰ। সোণোৱালৰ প্ৰত্যাহ্বানেৰে মত প্ৰকাশ,  আন চৰকাৰে ভূমিপুত্ৰৰ আৰ্তনাদ নুশুনিলে, আগৰ চৰকাৰৰ দিনত মাজুলীৰ ৰাইজৰ মাটিৰ জৰীপেই হোৱা নাছিল, আমিহে জৰীপ কৰিছো আৰু পট্টা দিবলৈ লৈছো।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ। এই লক্ষ্যৰে গুৱাহাটীত অসম সাহিত্য সভাকে ধৰি ২২টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ৷

অসম চৰকাৰৰ ‘ভাষা গৌৰৱ আঁচনি’ৰ অধীনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সৰ্বমুঠ ১,০০০ গৰাকী নতুন লেখক-লেখিকাক উৎসাহিত কৰাৰ বাবে এককালীন ৫০,০০০ টকাকৈ উদগনিমূলক সাহায্য দিয়া হ'ব। সাহিত্য সভাসমূহে এই লেখক-লেখিকাসকলক নিৰ্বাচিত কৰিব। সোণোৱালে কয়।

তদুপৰি, অসমীয়াকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাক ১০ কোটি, বড়ো সাহিত্য সভাক ৫ কোটি আৰু অন্যান্য জনজাতীয় সাহিত্য সভাসমূহক ৩ কোটি টকাকৈ Corpus Fund হিচাপে দিয়া হ'ব বুলি ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীৰ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য,মই জাতীয় নায়ক নহয়, অসম আন্দোলনৰ শ্বহীদ সকলহে প্ৰকৃত জাতীয় নায়ক।  CAA ৰ ৰুল ফ্ৰেমত অসমৰ বাবে কেনেকুৱা ব্যৱস্থা ল’ব লাগে সেই কথা ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে, মন্তব্য মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰী সোণোৱালৰ বিশেষ মন্তব্য,
সময়ত মই সকলো কম, বহু কবলগীয়া আছে। এই জাতি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। সাংবিধানিক ৰক্ষাকবচ এই চৰকাৰে দিব।ৰাইজ আপোনালোকে মোক এঘৰীয়া নকৰিব। মোক আপোনালোকে তুলি তালি ডাঙৰ দীঘল কৰিছে। আপোনালোকৰ আশীৰ্বাদ লাগিব মোক। মই অভিনয় কৰিব নোৱাৰো জাতিৰ সন্মুখত। মই লুকা-ভাকু খেলিব নোৱাৰো। মই আপোনালোকৰ ক্ষতি কৰিব নোৱাৰো ।মোক আঁতৰাই নপঠিয়াব।

ৰাইজক আকৌ এবাৰ গোহাৰি সৰ্বানন্দ সোণোৱালৰ।

অসম চুক্তিক শ্ৰদ্ধা একমাত্ৰ মোদী চৰকাৰেহে কৰিছে, বুলি কয় সোণোৱালৰ দাবী,অসম চুক্তিৰ সাত নং দফা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে   NRLৰ উৎপাদন শক্তি বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে। পাৰাদ্বীপৰ পৰা খাৰুৱা তেল অনাৰ বাবে পাইপ লাইনৰ কাম চলি আছে। গেছ ক্ৰেকাৰ উদ্যোগৰ বাবে চাৰি হাজাৰ ছশ কোটি মোকলাই দিছে কেন্দ্ৰই। বাঁহৰ পৰা ইথানল প্ৰস্তুতৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।

শান্তি–সম্প্ৰীতিৰ আহ্বানেৰে সোণোৱালৰ মত, অসমৰ সংগ্ৰামী ৰাইজৰ মনৰ কথা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক স্পষ্টকৈ জনোৱা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি