ড’নাল্ড ট্ৰাম্পৰ সৈতে নৈশ ভোজ, দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:February 25, 2020, 12:44 PM IST
ড’নাল্ড ট্ৰাম্পৰ সৈতে নৈশ ভোজ, দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ চাৰিগৰাকী মুখ্যমন্ত্ৰীক

নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ চাৰিগৰাকী মুখ্যমন্ত্ৰীক

  • News18 Assam
  • Last Updated: February 25, 2020, 12:44 PM IST
  • Share this:
ভাৰতত আজি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয়টো দিন। আজি ৰাষ্ট্ৰপতি ভৱনত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বাবে আয়োজন কৰা হৈছে নৈশ ভোজৰ। নৈশ ভোজত উপস্থিত থাকিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ  প্ৰায় ২৫গৰাকী অতিথি। লগতে থাকিব প্ৰায় ৬০ গৰাকী ভাৰতীয় গণ্য–মান্য ব্যক্তি।

নৈশভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ মাত্ৰ চাৰিগৰাকী মুখ্যমন্ত্ৰীক।  তাৰে ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গতিকে কিছু সময়ৰ পিছত দিল্লীলৈ ৰাওনা হ’ব অসমৰ মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে, উত্তৰ–পূৰ্বাঞ্চলৰ পৰা কেৱল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকহে নিমন্ত্ৰণ জনোৱা হৈছে।

লগতে পঢ়ক–  ৰাষ্ট্ৰপতি ভৱনত ড’নাল্ড ট্ৰাম্পৰ বাবে নৈশ ভোজৰ আয়োজন, কি কি থাকিব ব্যঞ্জন?

আৰু চাওক
পৰৱৰ্তী বাতৰি