ভূপেনদাৰ কৰ্ম আৰু সৃষ্টিৰ পাঠ গ্ৰহণ কৰিব লাগিব ৰাজ্যৰ শিক্ষাৰ্থীয়ে৷ সুধাকণ্ঠৰ কৰ্মৰাজিৰ জ্ঞান অবিহনে সম্পূৰ্ণ নহয় স্কুলীয়া শিক্ষাৰ্থীৰ পাঠ৷ বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
সমাজৰ উন্নয়ন হ’ব লাগিলে কেতিয়াও এককভাৱে নহয়, তাৰ বাবে লাগিব সমন্বয়৷ আৰু এই মহাসমন্বয়ৰ বাৰ্তা দিছিল একমাত্ৰ ভূপেনদাই ৷ ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ দলে, সাংসদ কুইন ওজাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও বিভাগীয় বিষয়া৷
ৰাজ্য চৰকাৰৰ অধীনত অনুষ্ঠিত চৰকাৰী কাৰ্যসূচীৰ পূৰ্বে সমাধিস্থলীত উপস্থিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাও৷ আছুতীয়াকৈ দলটোৱে গভীৰ শ্ৰদ্ধা জনাই ভূপেনদালৈ৷
ইপিনে, গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই শ্ৰদ্ধা জনাই উপস্থিত হয় ভূপেনদাৰ সমাধিত৷ ভূপেন সমাধিলৈ আহি সংগঠনটোৱে কৰি অহা ৬ দফীযা দাবী আজিলৈ চৰকাৰখনে কাৰ্যকৰী নকৰাক লৈ আক্ষেপ প্ৰদান কৰে৷ মূলত আহল বহলকৈ সমাধি নিৰ্মাণ, ভূপেন দাৰ ওপৰত অধ্যয়ন কৰিব পৰাকৈ এটা মিউজিয়াম, এনে কেতবোৰ দাবী কাৰ্যকৰী নকৰাক লৈ সৰৱ হয় আছুৰ মুখ্য উপদেষ্ট সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 05, 2020, 14:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।