ডিব্ৰুগড়ৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যবাসীৰ মংগলৰ বাবে কৰিলে প্ৰাৰ্থনা

News18 Assam | News18-Assam
Updated:October 24, 2020, 11:04 PM IST
ডিব্ৰুগড়ৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যবাসীৰ মংগলৰ বাবে কৰিলে প্ৰাৰ্থনা
মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই। 

মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই। 

  • Share this:
আজি মহা অষ্টমী। মহা অষ্টমী পূজাৰ দিনা ডিব্ৰুগড়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আশীৰ্বাদ ল’লে মা দুৰ্গাৰ পৰা। নেৰানেপেৰা বৰষুণৰ মজাতেই ডিব্ৰুগড়ৰ পূজা মণ্ডপত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাই।

প্ৰথমে ডিব্ৰুগড় চহৰৰ জ্ঞানদায়িনী মন্দিৰৰ পূজাস্থলীত উপস্থিত হৈ দেৱীৰ চৰণত সেৱা জনোৱা পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিত হয় ইণ্ডিয়া ক্লাবত অনুষ্ঠিত কৰা দুৰ্গা পূজাস্থলীত। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত হয়গৈ চহৰৰ পৌৰসভা পূজাস্থলীত।



মুখ্যমন্ত্ৰী সোণোৱালে দেৱীৰ ওচৰত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কুশল-মংগল কামনা কৰাৰ লগতে সকলো স্তৰৰ লোকৰ মাজত যাতে ভাতৃত্ববোধ আৰু সম্প্ৰীতি অটুট থাকে, তাৰ বাবেও প্ৰাৰ্থনা জনায় ৷

মুখ্যমন্ত্ৰীয়ে সাম্প্ৰতিক সময়ত কেভিড-১৯ পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলোৱে সামাজিক দূৰত্ব আৰু অন্যান্য কোভিড প্ৰট'কল পালন কৰি দুৰ্গোৎসৱ পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 11:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading