• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি দিল্লীত নহয়, অসমতহে প্ৰকাশিত হ'ব মুখ্যমন্ত্ৰীৰ নাম...কাইলৈহে উত্তৰ ওলাব বহু প্ৰত্যাশিত প্ৰশ্নৰ!

আজি দিল্লীত নহয়, অসমতহে প্ৰকাশিত হ'ব মুখ্যমন্ত্ৰীৰ নাম...কাইলৈহে উত্তৰ ওলাব বহু প্ৰত্যাশিত প্ৰশ্নৰ!

অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক। কেন্দ্ৰীয় পৰ্যবেক্ষকে গুৱাহাটীলৈ আহি ইয়াতে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম। সেয়েহে মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষিত হোৱাৰ সম্ভাৱনা নাই।

  • Share this:
শনিবাৰেও মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চা অব্যাহত আছে। পুৱাই দিল্লীলৈ গৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। তাৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ সৈতে বৈঠকত বহিছিল। প্ৰথমতে পৃথকে পৃথকে বৈঠক বহিছিল। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকৰ পিছতে হৈছিল সৰ্বানন্দ সোণোৱালৰ সৈতে বৈঠক। এই দুয়োখন বৈঠকৰ পিছতে একেলগে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হৈছিল জে পি নড্ডাৰ বৈঠক। কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীৰ নাম এইপৰ্যন্ত ঘোষণা কৰা হোৱা নাই।

ইপিনে শেহতীয়া বাতৰি অনুসৰি অসমলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক। কেন্দ্ৰীয় পৰ্যবেক্ষকে গুৱাহাটীলৈ আহি ইয়াতে ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম। সেয়েহে মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষিত হোৱাৰ সম্ভাৱনা প্ৰায় সমাপ্ত হৈছে। কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে দিল্লীৰ পৰা ৰাওনা হৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা।
Published by:Kokil Sarma
First published: