সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী নেতাই কাইলৈ পুৱা ১০:৩০ বজাত জে পি নাড্ডাক সাক্ষাৎ কৰিব।
এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে অসমৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চা। ছচিয়েল মিডিয়াতো একাংশ লোকৰ চৰ্চাৰ বিষয় হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হ'ব কোন? কেতিয়ালৈ অসমে পাব এগৰাকী মুখ্যমন্ত্ৰী? কিন্তু এতিয়ালৈ সেয়া প্ৰশ্ন হৈয়ে আছে। ইফালে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ৬ দিন অতিক্ৰম কৰিলে।
ইয়াৰ মাজতে কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ মাতি পঠিয়াইছে। সেয়েহে পুৱাই দুয়োগৰাকী নেতা দিল্লীলৈ উৰা মৰাৰ সম্ভাৱনা ।
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী নেতাই কাইলৈ পুৱা ১০:৩০ বজাত দিল্লীত বিজেপিৰ সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব। হয়তো এই বৈঠকতে চূড়ান্ত হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰীৰ নাম।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|