মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Conflict : মিজোৰামক কাঢ়া উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, গোচৰ তৰিছে যদি তদন্তৰ দায়িত্ব NIAক দিয়ক, মই সহযোগিতা কৰিম

Assam-Mizoram Border Conflict : মিজোৰামক কাঢ়া উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, গোচৰ তৰিছে যদি তদন্তৰ দায়িত্ব NIAক দিয়ক, মই সহযোগিতা কৰিম

News18 Assam | News18-Assam
Updated:July 31, 2021, 8:06 PM IST
Assam-Mizoram Border Conflict : মিজোৰামক কাঢ়া উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, গোচৰ তৰিছে যদি তদন্তৰ দায়িত্ব NIAক দিয়ক, মই সহযোগিতা কৰিম
২৬ জুলাইৰ লাইলাপুলৰ ঘটনাক লৈ অসম আৰক্ষীয়ে মিজোৰামৰ কোলাছিব আৰু ভেইৰেংটে জিলাৰ DC, SPৰ বিৰুদ্ধে দিছিল গোচৰ। তাৰ পিছতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

২৬ জুলাইৰ লাইলাপুলৰ ঘটনাক লৈ অসম আৰক্ষীয়ে মিজোৰামৰ কোলাছিব আৰু ভেইৰেংটে জিলাৰ DC, SPৰ বিৰুদ্ধে দিছিল গোচৰ। তাৰ পিছতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

  • Share this:
অসম-মিজোৰাম সীমা বিবাদে ক্ৰমাৎ জটিল হৈ পৰিছে। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাঢ়া প্ৰত্যুত্তৰ দিছে মিজোৰাম চৰকাৰ আৰু আৰক্ষীক। মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি ৬ গৰাকী আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ভেইৰেংটে থানাত। সেই অনুসৰি অসমৰ মুখ্যমন্ত্ৰী আৰু বিষয়াসকলক জাৰি কৰিছিল চমন। তাৰ পিছতে আজি মুখ্যমন্ত্ৰীয়ে দিছে সমুচিত প্ৰত্যুত্তৰ।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে কৈছে, "যিকোনো তদন্ত সহযোগ কৰিবলৈ পালে মই সুখী হ'ম। কিন্তু কিয় এই গোচৰটো এটা নিৰপেক্ষ সংস্থাক দিয়া হোৱা নাই, যিহেতু ঘটনাটো অসমৰ সাংবিধানিক সীমাৰ ভিতৰত সংঘটিত হৈছে? এই কথাটো ইতিমধ্যে মিজোৰাম মুখ্যমন্ত্ৰী জোৰামথাংগাকো জনাইছোঁ।"

তেওঁ আৰু কয়, "সংঘৰ্ষটো অসমৰ সীমাৰ ভিতৰত হৈছে। গতিকে এইটো অসমৰ জুৰিচডিকচনত পৰে। যদি গোছৰ ৰুজু হৈছে ভাল কথা। এই গোচৰটো NIAক দিব লাগে যাতে তদন্ত ভলদৰে হয়।"

উল্লেখ্য যে ২৬ জুলাইৰ লাইলাপুলৰ ঘটনাক লৈ অসম আৰক্ষীয়ে মিজোৰামৰ কোলাছিব আৰু ভেইৰেংটে জিলাৰ DC, SPৰ বিৰুদ্ধে দিছিল গোচৰ। তেওঁলোকক ২ আগষ্টৰ ভিতৰত লাইলাপুৰ থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল । তাৰ পিছতে মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।
Published by: Manjumoni Borah
First published: July 31, 2021, 8:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি