বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / চৰকাৰে গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত লৈ সূত্ৰপাত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য

চৰকাৰে গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত লৈ সূত্ৰপাত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য

চৰকাৰে গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্ত লৈ সূত্ৰপাত হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য

‘মই মোৰ ল’ৰাক ইংৰাজী মাধ্যমত পঢ়াইছো, কুল শইকীয়াৰ ল’ৰাই গোটেই জীৱন ইংৰাজী মাধ্যমত পঢ়িছে। দুখীয়া মানুহৰ ওপৰত ইমান অন্যায় কৰিব নাপায়।’

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত চৰকাৰৰ গণিত আৰু বিজ্ঞান বিষয়ক ইংৰাজী মাধ্যম কৰাৰ সিদ্ধান্তক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বিষয়ে এক মন্তব্য কৰে। তেখেতে কয় যে, ‘মই মোৰ ল’ৰাক ইংৰাজী মাধ্যমত পঢ়াইছো, কুল শইকীয়াৰ ল’ৰাই গোটেই জীৱন ইংৰাজী মাধ্যমত পঢ়িছে। দুখীয়া মানুহৰ ওপৰত ইমান অন্যায় কৰিব নাপায়।’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যিয়ে অসম চৰকাৰে গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যম হোৱাৰ বিৰোধিতা কৰিব তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমত নপঢ়াই বুলি এখন লিখিত পত্ৰ হস্তাক্ষৰ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব। নিজৰ ল’ৰা–ছোৱালীক ইংৰাজী মাধ্যমত দি, ৰিক্সাৱালা–ঠেলাৱালাৰ ল’ৰা–ছোৱালীৰ ওপৰত অত্যাচাৰ কৰিব নাপায় বুলিও তেওঁ কয়।

বিজ্ঞাপন

ইয়াৰ উপৰিও তেওঁ কয় যে, এনেকে মানুহে মুখা পিন্ধি থাকিলে অসমখন নচলিব। যিসকলে কয়– মোৰ দাদাৰ ল’ৰা–ছোৱালীয়ে ইংৰাজী মাধ্যমত নপঢ়ে, যি অবিবাহিত তেওঁলোকৰ কথা নিষ্ঠাৰে শুনিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে তেওঁ কয় যে অসম চৰকাৰে মাতৃভাষাৰ বিদ্যালয় বন্ধ কৰা নাই বৰঞ্চ গণিত আৰু বিজ্ঞান বিষয় অসমীয়াৰ ঠাইত ইংৰাজী কৰিছে।

যিসকলে এই কথাটোতে লাগি থাকে তেওঁলোকলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে যে, তেওঁলোকে অসমৰ ৰাইজক নিজৰ ল’ৰা–ছোৱালীৰ, নিজৰ দাদাৰ ল’ৰা–ছোৱালীৰ বা নিজৰ বাইদেউৰ ল’ৰা–ছোৱালীক ইংৰাজী মাধ্যমত নপঢ়ে বুলি এখন এফিদেফিত দিয়ক। হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয় যে, অন্ধ্ৰপ্ৰদেশৰ সকলো বিদ্যালয় ইংৰাজী মাধ্যমলৈ ৰূপান্তৰ কৰা হৈছে, তেলেগু মাধ্যম বন্ধ কৰি দিছে তাৰ চৰকাৰে কেৱল তেলেগু বিষয় বাধ্যতামূলক কৰি দিছে। অসম চৰকাৰে কেৱল গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত কৰাৰ সিদ্ধান্তহে লৈছে যিহেতু পাছলৈ মহাবিদ্যালয়ত গৈ ছাত্ৰ–ছাত্ৰীয়ে ইংৰাজীতে পঢ়িব লাগে। গতিকে এইবোৰ সিদ্ধান্ত ল’ৰা–ছোৱালী আৰু মাক–দেউতাকৰ ওপৰত এৰি দিব লাগে বুলি কয়। অসমখনক এনেকে কৰি থাকিলে কেতিয়াও আগ নাবাঢ়ে বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিগত ২৮ জুলাইত অসম চৰকাৰৰ কেবিনেট মিটিঙত লোৱা সিদ্ধান্ত অনুসৰি, ২০২৩ চনৰ শিক্ষাবৰ্ষৰ পৰা গণিত আৰু বিজ্ঞান বিষয়সমূহ সকলো চৰকাৰী, প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত ইংৰাজীত শিকোৱা হ’ব। এই সিদ্ধান্তটো তৃতীয় শ্ৰেণীৰ পৰাই প্ৰযোজ্য হ’ব বুলিও জানিব পৰা গৈছে। ইয়াৰ উপৰিও, অসমৰ বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত আন এটা পৰিৱৰ্তন কৰিব। কেবিনেটৰ সিদ্ধান্ত মতে, ভূগোল আৰু ইতিহাসে সামাজিক অধ্যয়ন বিষয়টোক বাধ্যতামূলক বিষয় হিচাপে প্ৰতিস্থাপন কৰিব। উল্লেখনীয় যে, কেবিনেটে ৰাজ্যখনৰ বিদ্যালয়সমূহৰ সহ-শিক্ষাৰ ক্ষেত্ৰতো অনুমোদন জনাইছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন