মুখ্যপৃষ্ঠা »খবৰ »অসম »"সাৰ্বভৌমত্ব"ৰ দাবী এৰিবনে ULFA-Iৰ মূৰব্বী পৰেশ বৰুৱাই ? 

"সাৰ্বভৌমত্ব"ৰ দাবী এৰিবনে ULFA-Iৰ মূৰব্বী পৰেশ বৰুৱাই ? 

বছৰৰ পহিলা সপ্তাহটোত দুবাৰকৈ আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যদিও এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই পৰেশ বৰুৱাই ৷ 

  • Share this:
নতুন বছৰৰ পহিলা দিনটোৰ পিছত তৃতীয় দিনটোতো আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ বছৰৰ পহিলা সপ্তাহটোত দুবাৰকৈ আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যদিও এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই পৰেশ বৰুৱাই ৷

সাৰ্বভৌমত্ব ৷ সাৰ্বভৌমত্বৰ বাহিৰে কোনো কথাতেই আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই কথা নাপাতে ৷ সংবিধানৰ সুৰক্ষাৰ শপত লোৱা মুখ্যমন্ত্ৰীয়েও সাৰ্বভৌমত্বক লৈ কথা পাতিব নোৱাৰে ৷

তেন্তে উপায় কি? মধ্যম পন্থা আছে নে পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰাৰ? এই বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীয়ে বুদ্ধিজীৱী, ছাত্ৰ সংগঠন আৰু ৰাইজক উদ্যোগ ল'বলৈ আহ্বান জনায় ৷

এক জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে এইদৰে আহ্বান জনোৱাৰ পিচত কোনো প্ৰতিক্ৰিয়া নকৰিলে পৰেশ বৰুৱাই ৷ বছৰৰ প্ৰথমটো সপ্তাহতে অৰ্থাৎ তিনি জানুৱাৰীত উজনি অসম ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰলৈ কৰিলে আহ্বান ৷

দুবাৰকৈ কৰিলে মুখ্যমন্ত্ৰীয়ে আহ্বান ৷ কিন্তু এই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ আহ্বানৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই ৷ সাৰ্বভৌমত্বক লৈ কোনো কালে আপোচ নকৰো বুলি কৈ অহা পৰেশ বৰুৱাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা কি স্থিতি জনাব— সেয়া অস্পষ্ট ৷

শেহতীয়া বাতৰি