মুখ্যপৃষ্ঠা » খবৰ

» অসম

»CM Himant Biswa Sarma : মাজুলীত 'ভাগিন'সকলৰ সৈতে আজি 'মামা'ৰ ভোজ। আনন্দত গাত তত নাইকীয়া 'ভাগিন'হঁতৰ।

CM Himant Biswa Sarma : মাজুলীত 'ভাগিন'সকলৰ সৈতে আজি 'মামা'ৰ ভোজ। আনন্দত গাত তত নাইকীয়া 'ভাগিন'হঁতৰ।

News18 Assam | News18-Assam
Updated:May 13, 2021, 11:00 AM IST
CM Himant Biswa Sarma : মাজুলীত 'ভাগিন'সকলৰ সৈতে আজি 'মামা'ৰ ভোজ। আনন্দত গাত তত নাইকীয়া 'ভাগিন'হঁতৰ।
প্ৰায় ১০ কেজি ওজনৰ এটা আৰি মাছ এই ভোজৰ বাবে অনা হৈছে মাজুলীৰ জলাশয়ৰ পৰা।

প্ৰায় ১০ কেজি ওজনৰ এটা আৰি মাছ এই ভোজৰ বাবে অনা হৈছে মাজুলীৰ জলাশয়ৰ পৰা।

  • Share this:


নিৰ্বাচনৰ পূৰ্বে ১৮ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মা আহিছিল মাজুলীলৈ। 'মামা' বুলি সম্বোধন কৰি কেইটামান চেমনীয়াই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পাতিছিল বহু কথা। হিমন্ত বিশ্বইও 'ভাগিন ভাগিন' বুলি ল’ৰাকেইজনৰ সৈতে পাাতিছিল কথা। অস্থায়ী হেলিপেডলৈ 'মামা'ক সাৱটি ধৰি আগবঢ়াই দিছিল 'ভাগিন'হতে। তেতিয়াই নিৰ্বাচনৰ পিছত  মাজুলীৰ লোকেল মাছেৰে একেলগে এসাজ খোৱাৰ কথা দিছিল 'মামা' হিমন্ত বিশ্ব শৰ্মাই।

আজি নতুন মুখ্যমন্ত্ৰীৰূপে মাজুলীলৈ আহিব ড° হিমন্ত বিশ্ব শৰ্মা। 'মামা' বুলি মতা সেই কিশোৰৰ দলটোৰ সৈতে মাজুলীৰ আৱৰ্ত ভৱনত মাজুলীৰ লোকেল মাছেৰে একেলগে এসাজ খাব মুখ্যমন্ত্ৰীয়ে। প্ৰায় ১০ কেজি ওজনৰ এটা আৰি মাছ এই ভোজৰ বাবে অনা হৈছে মাজুলীৰ জলাশয়ৰ পৰা।

নিৰ্বাচনৰ সময়ত গোটেই অসমত 'মামা' বুলি জনপ্ৰিয় হৈ পৰিছিল নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে মাজুলীৰ কোভিড পৰিস্থিতিৰ নীৰিক্ষণৰ দায়িত্ব নিজে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Manjumoni Borah
First published: May 13, 2021, 10:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি