২১ মাহৰ অন্তত আজিৰে পৰা ভাৰত চৰকাৰৰ প্ৰতিনিধিৰ সৈতে পুনৰ আৰম্ভ হ'ল NSCN(IM)ৰ আলোচনা প্ৰক্ৰিয়া ৷ এই আলোচনাত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী তথা NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি শিলচৰৰ পৰা পোনে পোনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰণা ল'বলৈ দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷
পুনৰ আৰম্ভ হ'ল NSCN(IM)ৰে আলোচনা ৷ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী অক্ষয় কুমাৰ মিশ্ৰই আৰম্ভ কৰিছে স্থবিৰ হৈ পৰা আনুষ্ঠানিক আলোচনাক ৷ডিমাপুৰৰ ছুমুকেডিমাৰ নাগালেণ্ড আৰক্ষীৰ ছাউনিত আজিৰে পৰা আৰম্ভ হৈছে NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে আনুষ্ঠানিক আলোচনা ৷ ইয়াৰ পূৰ্বে দেওবাৰে কেম্প হেব্ৰনৰ পৰা হেলিকপ্টাৰত উঠি ছুমুকেডিমালৈ ৰাওনা হয় থুইংগালেং মুইভা ৷
২০২০ৰ জানুৱাৰী মাহতেই মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সৈতে অন্তিমখন আনুষ্ঠানিক আলোচনাত বহিছিল NSCN(IM)ৰ নেতৃত্ব ৷ তাৰ পিছত আজি আৰম্ভ হৈছে সুদীৰ্ঘ ২১ মাহৰ অন্তত আনুষ্ঠানিক আলোচনা ৷ আৰ এন ৰবিৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰা বাবে আলোচনাত বহিবলৈ অস্বীকাৰ কৰা NSCN(IM)ৰ সৈতে আলোচনাত বহিছে এইবাৰ ইণ্টালিজেঞ্চ ব্যুৰ'ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ ৷
ইপিনে কাইলৈ মুইভাৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰৰ ছুমুকেডিমাত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী তথা NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷ NSCN(IM)ৰ মূৰব্বী মুইভাৰে আলোচনাত মিলিত হোৱাৰ পূৰ্বে শিলচৰৰ পৰা আজি আবেলি পোনে পোনে নতুন দিল্লীত উপস্থিত হৈছে ড° হিমন্ত বিশ্ব শৰ্মা ৷ ড° শৰ্মাই মুইভাৰ সৈতে আলোচনাত বহি কি কি বিষয়ত আলোচনা কৰিব, ইয়াকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷
Published by: Kokil Sarma
FIRST PUBLISHED : September 20, 2021, 19:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|