মুখ্যপৃষ্ঠা »খবৰ »অসম »নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ! আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসাসেৱা ...

নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ! আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসাসেৱা ...

নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজ পৰিদৰ্শন কৰে । অহা অক্টোবৰৰ ভিতৰত তিনিখন মেডিকেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। নলবাৰী মেডিকেল কলেজত কালিৰে পৰা আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসাসেৱা ।

নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজ পৰিদৰ্শন কৰে । অহা অক্টোবৰৰ ভিতৰত তিনিখন মেডিকেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। নলবাৰী মেডিকেল কলেজত কালিৰে পৰা আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসাসেৱা ।

  • Share this:
নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

আজি হঠাৎ নলবাৰী মেডিকেল কলেজত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজ পৰিদৰ্শন কৰে । অহা অক্টোবৰৰ ভিতৰত তিনিখন মেডিকেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। নলবাৰী মেডিকেল কলেজত কালিৰে পৰা আৰম্ভ হৈছে বহিঃবিভাগৰ চিকিৎসাসেৱা । পৰ্যায় ক্ৰমে মুকলি হৈ থাকিব বিভাগসমূহ আৰু এই বছৰৰ  অক্টোবৰৰ পৰা মেডিকেল কলেজত আৰম্ভ হ'ব নামভৰ্তি প্ৰক্ৰিয়া। আজি হঠাৎ মেডিকেল কলেজত উপস্থিত  হৈ এইদৰে মন্তব্য  কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শৰ্মাই। নিৰ্মীয়মান  সমগ্ৰ মেডিকেল কলেজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শৰ্মাই। ইপিনে মেডিকেল কলেজত পাঠদান আৰম্ভ কৰাৰ সময়ত আনুষ্ঠানিক ভাবে উদ্বোধন কৰা হ'ব নলবাৰী মেডিকেল কলেজ। আজি এই কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় পৰিদৰ্শকৰ দলে অলপতে পৰিদৰ্শন কৰিব নলবাৰী মেডিকেল কলেজ । এই কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নগাঁও, কোকৰাঝাৰৰ লগতে নলবাৰী মেডিকেল কলেজত শীঘ্ৰেই পাঠদান কৰা হ'ব।

নলবাৰীত দুখন মেডিকেল চলাৰ সম্ভাৱনা নাই ,সেই বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক  চিকিৎসালয় সংলগ্ন কৰা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে উপায়ুক্ত আৰু কৰ্মচাৰীৰ সংঘাট সম্পৰ্কত  মই মন্তব্য  দিয়া উচিত নহয় বুলিও মন্তব্য কৰে  মুখ্যমন্ত্ৰীয়ে।

শেহতীয়া বাতৰি