
চিৰাঙৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ চিদলী বিধানসভা সমষ্টিৰ খহনীয়া হোৱা এলেকা পৰিদৰ্শন কৰে আৰু শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই মত বিনিময় কৰে ৷
চিৰাঙৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ চিদলী বিধানসভা সমষ্টিৰ খহনীয়া হোৱা এলেকা পৰিদৰ্শন কৰে আৰু শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই মত বিনিময় কৰে ৷
চিৰাঙৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ চিদলী বিধানসভা সমষ্টিৰ লাওক্ৰীগুৰীত উপস্থিত হৈ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে আৰু শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই মত বিনিময় কৰে ৷ মুখ্যমন্ত্ৰীয়ে আই নৈৰ লগতে উপ নৈসমুহৰ খহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে ।
চুবুৰীয়া ভূটানৰ নামনিত অঞ্চলটো সুৰক্ষাৰ বাবে পাচ কিলোমিটাৰ দৈৰ্ঘ্যৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই জানিব দিয়ে ৷ তেওঁ খহনীয়াত আশ্ৰয়হীন পৰিয়ালৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাসো প্ৰদান কৰে ।আনহাতে , শিশুসকলোৰ শিক্ষা গ্ৰহণ নিশ্চিতকৰণৰ লগতে ১১ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ আদিবাসী অধ্যুষিত অঞ্চলটোৰ পৰিয়ালসমুহক অৰুণোদয় আঁচনিৰ ব্যৱস্থা কৰাৰ লগতে এলেকাটোত এমজিএনৰেগাৰ কাম বৃদ্ধি কৰা হ’ব বুলি তেওঁ জানিব দিয়ে । একেদৰে কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত অঞ্চলবাসীক প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব দিয়ে ৷ অঞ্চলটোৰ ১৮ খন আদিবাসী গাঁৱৰ পাঁচ জন যুৱকক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰি আৰ্থ সামাজিক উন্নয়ণমূলক কাম কাজ আৰম্ভ কৰা হ’ব বুলি ড° শৰ্মাই মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীক এই সময়ছোৱাত সংগ দিয়ে মন্ত্ৰী ইউজি ব্ৰহ্ম , বিধায়ক জয়ন্ত বসুমতাৰী আৰু অজয় ৰয়ৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াবৰ্গই ৷ উল্লেখ্য যে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নামনিত থকা এই অঞ্চলটোত নিজিলা নৈৰ বান - খহনীয়াত বহু পৰিয়াল গৃহহীন হৈ সম্প্ৰতি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ৷ বঙাইগাঁও জিলাত খহনীয়া এলেকা পৰিদৰ্শন কৰি হেলিকপ্তাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে চিৰাঙৰ নাকেদৰা খেলপথাৰত উপস্থিত হৈ লাওক্ৰীগুৰীৰ খহনীয়া অঞ্চলত উপস্থিত হয় ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|