বজালীৰ ভাবানীপুৰত ৪২৫ নম্বৰ মেধিকুচি মডেল প্ৰাথমিক বিদ্যালয় আৰু পিএইচচিত বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত ঘৰবোৰৰ পুনৰ নিৰ্মাণৰ বাবে সহায় আগবঢ়াব বুলি উল্লেখ কৰে। পহুমাৰা নদীৰ মথাউৰি শক্তিশালী কৰা আৰু ইয়াৰ ওপৰত পথ নিৰ্মাণৰ বাবে ৯ কোটি টকা অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।
Interaction with flood-affected people during my visit to Bajali. pic.twitter.com/35zgYpFFn0
— Himanta Biswa Sarma (@himantabiswa) June 28, 2022
কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে কালদিয়া নদীৰ উপচি পৰাৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিৰ বিষয়ে বুজিবলৈ বজালীৰ পাটাচাৰকুচিৰ কুৱাৰা অঞ্চলো ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Visited Kuwara at Patacharkuchi, Bajali to understand the current flood situation and damage caused by overflowing of Kaldia river along with my Cabinet colleague Shri @RanjeetkrDass.
— Himanta Biswa Sarma (@himantabiswa) June 28, 2022
Also interacted with the affected people and assured them of all possible assistance. pic.twitter.com/bbRJs9Du8r
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।
- First Published :