সংখ্যালঘুসকলে 'মাৰ্জিত পৰিয়াল পৰিকল্পনা নীতি' গ্ৰহণ কৰক, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চিত মন্তব্যৰ A-Z

News18 Assam | News18-Assam
Updated:June 11, 2021, 9:50 AM IST
সংখ্যালঘুসকলে 'মাৰ্জিত পৰিয়াল পৰিকল্পনা নীতি' গ্ৰহণ কৰক, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰ্চিত মন্তব্যৰ A-Z
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মুছলমান মহিলাক শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মুছলমান মহিলাক শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংখ্যালঘু সম্প্ৰদায়ৰ দৰিদ্ৰতা দূৰ কৰাৰ বাবে ‘মাৰ্জিত পৰিয়াল পৰিকল্পনা নীতি’ গ্ৰহণৰ বাবে আহ্বান জনায়।

নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু সম্প্ৰদায়ৰ সকলো লোক আগবাঢ়ি আহি দৰিদ্ৰতা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰা উচিত বুলি মন্তব্য কৰে।

সংখ্যালঘু লোকে মাটি বেদখল কৰা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰিয়াল বৃদ্ধি হোৱাৰ বাবে মাটি বেদখল হৈছে বুলি মন্তব্য কৰি কয় যে, সৰু পৰিয়াল হলে মাটি বেদখল নকৰে। এদিন জনসংখ্যাৰ বৃদ্ধিৰ বাবেই সংখ্যালঘু লোকৰ মাজত মাটিৰ বাবে সংঘাত হ'ব আৰু কামাখ্যা মন্দিৰৰ মাটিও দখল কৰিব।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মুছলমান মহিলাক শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰতিজন দৰিদ্ৰ লোকৰ বাবে চৰকাৰ অভিভাৱক বুলি মন্তব্য কৰি এই ক্ষেত্ৰত চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

ড০ শর্মাই কয়, ‘‘চৰকাৰ সকলো দৰিদ্ৰ লোকৰ অভিভাৱক, কিন্তু তেওঁলোকে জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টোত সহযোগ কৰিব লাগিব যিটো দৰিদ্ৰতা, অশিক্ষিত আৰু উচিত পৰিয়াল পৰিকল্পনাৰ অভাৱৰ প্ৰধান কাৰণ।’’ ড০ শৰ্মাই কয় যে চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত কাম কৰিব যাতে এই সমস্যা সমাধানত প্ৰভাৱ পেলায়। মুখ্যমন্ত্ৰীয়ে এই সম্প্ৰদায়ৰ নেতাসকলক মানুহক জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ আহ্বান জনায়।

‘‘অসম চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব যিয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উৎসাহিত কৰিব। মই এইক্ষেত্ৰত আমছু আৰু এআইইউডিএফৰ সৈতে কাম কৰিব খোজোঁ’’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 9:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি