"বাল্য বিবাহত আবদ্ধ হোৱাসকলৰ বিৰুদ্ধে কাইলৈৰ পৰা অভিযান চলিব। অভিযানৰ সময়ত ৰাজ্যখনৰ বাল্য বিবাহত আৱদ্ধ হাজাৰ হাজাৰ লোক - যুৱক গ্ৰেপ্তাৰ হ'ব"। এই মন্তব্য অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
আজি নগাঁও মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ সাংবাদিকৰ আগত এই মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাইলৈৰ পৰা ৬/৭দিনৰ বাবে এই অভিযান অব্যাহত থাকিব। বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই অভিযানৰ সময়ত হাজাৰ হাজাৰ বাল্য বিবাহৰ লগত জড়িত লোক আৰু যুৱক গ্ৰেপ্তাৰ হব। আগতে বাল্য বিবাহ সম্পন্ন কৰা সকলৰ লগতে এতিয়া বাল্যবিবাহ কৰা সকলকো গ্ৰেপ্তাৰ কৰা হ'ব। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱাসকল বা এনে ছোৱালীৰ সন্তান জন্ম হৈছে, এই সন্দৰ্ভত POSCO আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
ইপিনে নগাঁও মেডিকেল কলেজৰ শিক্ষাবৰ্ষ চলিত বছৰৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও মেডিকেল কলেজৰ শিক্ষাবৰ্ষ অক্টোবৰ মাহৰ পৰাই আৰম্ভ কৰিবৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিয়ে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে চলিত বছৰটোত কোকৰাঝাৰ, নগাঁও আৰু নলবাৰী মেডিকেল কলেজ কাৰ্যক্ষম কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে । এই তিনিখন মেডিকেল কলেজৰ ভিতৰত আমি যদি দুখনৰো অনুমতি লাভ কৰিব পাৰো, তেন্তে অসমত দুশখন মেডিকেল আসন বঢ়াব পাৰিম। অহা ১০দিন, ১৫ দিন, এমাহ আৰু ৪৫ দিন এই সময়ৰ ভিতৰত নেচনেল মেডিকেল কাউন্সিলৰ দল নগাঁও মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ আহিব। কালি নেচনেল মেডিকেল কাউঞ্চিলৰ দলে কোকৰাঝাৰ মেডিকেল কলেজ পৰিদৰ্শন কৰি গৈছে । সেয়ে স্বাস্থ্যমন্ত্ৰী আৰু মই গোটেই প্ৰস্তুতিৰ বুজ লবলৈ আজি ইয়ালৈ আহিছো। মই ইয়াৰ বিষয়া কৰ্মচাৰীৰ সৈতে কথা পাতিছো।নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ ক্ষেত্ৰত আৰু কৰিবলগীয়া কামখিনি কৰিবলৈ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।ইয়াৰ পিছত আমি নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লম। আমাৰ একান্ত ইচ্ছা যে এই তিনিখন মেডিকেল কলেজ আমি এই বছৰতে কাৰ্যক্ষম কৰিব পাৰিম। এই লক্ষ্য আগত ৰাখি আমি এই তিনিখন মেডিকেল কলেজ এন এম চিৰ সন্মুখত উপস্থিত কৰাইছো। ইয়াৰ ভিতৰত দুখন যদি কৰিব পাৰো তেন্তে অসমত দুশখন আসন বাঢ়িব। লগতে মেডিকেল কলেজ কেইখনো পাবলৈ সক্ষম হ'ম। নগাঁও শ্বহীদ ভোগশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন বৰ্তমানৰ স্থানৰ পৰা ম'হখুলিলৈ স্থানান্তৰ কৰা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড:শৰ্মাই কয় যে এই চিকিৎসালয়খন নগাঁৱৰ কেন্দ্ৰস্থলত আছে। সেই বিষয়টো স্থানীয় বিধায়কৰ লগত আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা কৰা হব। সম্প্ৰতি আমি মেডিকেল কলেজৰ বিষয়টো অগ্ৰাধিকাৰ দিছোঁ। নগাঁও মেডিকেল কলেজ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়কদ্বয় ৰূপক শৰ্মা, জিতু গোস্বামীৰ লগতে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকী নগাঁও চহৰৰ সমীপৰ মৌখাতিত থকা ৰাজেন গোহাঁইৰ পাম ঘৰত আয়োজিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ পুত্ৰ নৱাৰুণ বুঢ়া গোহাঁইৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হৈ নৱ দম্পতীক শুভেচ্ছা জ্ঞাপন কৰে । উক্ত অভ্যৰ্থনা অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীক স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসে সংগ দিয়ে ।
Published by: Kokil Sarma
FIRST PUBLISHED : February 02, 2023, 23:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|