মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Fake Farmer: ভুৱা কৃষকৰ বিৰুদ্ধে তদন্ত, চিনাক্ত হ'লেই ধন ওভতাই দিব লাগিব ! ৰাজ্যত আৰু নহয় ট্ৰেক্টৰ বিতৰণো: মুখ্যমন্ত্ৰী

Fake Farmer: ভুৱা কৃষকৰ বিৰুদ্ধে তদন্ত, চিনাক্ত হ'লেই ধন ওভতাই দিব লাগিব ! ৰাজ্যত আৰু নহয় ট্ৰেক্টৰ বিতৰণো: মুখ্যমন্ত্ৰী

News18 Assam | News18-Assam
Updated:September 10, 2021, 5:03 PM IST
Fake Farmer: ভুৱা কৃষকৰ বিৰুদ্ধে তদন্ত, চিনাক্ত হ'লেই ধন ওভতাই দিব লাগিব ! ৰাজ্যত আৰু নহয় ট্ৰেক্টৰ বিতৰণো: মুখ্যমন্ত্ৰী
ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ ৷ কৃষি মন্ত্ৰী অতুল বৰা সহ বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sarma) এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ভুৱা কৃষকক চিনাক্ত কৰি ধন উভতাই লোৱাৰ লগতে কৰ্তন কৰিব নাম ৷

  • News18 Assam
  • Last Updated: September 10, 2021, 5:03 PM IST
  • Share this:
এতিয়াৰ পৰা কৃষি বিভাগে যোগান ধৰিব নোৱাৰে টেক্ট্ৰৰ ৷ ট্ৰেক্ট্ৰৰ (Tractor) বিতৰণত বাধা মুখ্যমন্ত্ৰীৰ ৷ কৃষি মন্ত্ৰী অতুল বৰা সহ বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM Himanta Biswa Sarma) এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ট্ৰেক্ট্ৰৰ বিতৰণৰ পৰিৱৰ্তে গাও অঞ্চলত পুখুৰী খন্দা আৰু অঞ্চলটোত ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ৷

আনকি পূৰ্বৰ মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অধীনত ৫ বছৰত বিতৰণ কৰি শেষ কৰিব নোৱাৰা ট্ৰেক্ট্ৰৰ আৰু বিতৰণ নহয় ৷ স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ খানাপাৰাত অনুষ্ঠিত বৈঠকখনতে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত ভুৱা কৃষকেৰে ধন সৰকা PM কিষাণ আঁচনিৰ শুদ্ধ তালিকা প্ৰকাশ পাব নবেম্বৰ মাহত ৷ ভুৱা কৃষকক চিনাক্ত কৰি ধন উভতাই লোৱাৰ লগতে কৰ্তন কৰিব নাম ৷ এই ক্ষেত্ৰত উপাযুক্ত সকলে ইতিমধ্যে তদন্ত চলাই থকা বুলিও দাবী হিমন্ত বিশ্ব শৰ্মাৰ ৷

বৈঠকতে লোৱা আন দুই সিদ্ধান্তৰ ভিতৰত ৰাজ্যত দীৰ্ঘদিনে কৃষকে মুখামুখি হৈ অহা সাৰৰ নাটনি দূৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ৰাজ্য চৰকাৰৰ ৷ তেজপুৰ, লক্ষীমপুৰত উপলব্ধ হব পৰ্য্যাপ্ত পৰিমানৰ সাৰ ৷ লগতে কৃষকৰ ১০০% বিনামূলীয়া সাৰ যোগান তথা উন্নত মানদণ্ডৰ সাৰ যোগানৰ বাবে বিশেষ পদক্ষেপ ৰাজ্যৰ কৃষি বিভাগে যোগান ধৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Published by: Kokil Sarma
First published: September 10, 2021, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি