মুখ্যপৃষ্ঠা »খবৰ »অসম »Himanta Biswa Sarma : ২০৫০ চনলৈ অবৈধ বেদখলকাৰীয়ে অসমৰ ক্ষমতা দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

Himanta Biswa Sarma : ২০৫০ চনলৈ অবৈধ বেদখলকাৰীয়ে অসমৰ ক্ষমতা দখলৰ ব্লুপ্ৰিণ্ট ৰচিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

File photo

File photo

মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে গৰুখুটিৰ পৰা উচ্ছেদ কৰা ১০ হাজাৰ লোকৰ ভিতৰত ৬ হাজাৰ লোকৰ নাম এন আৰ চিৰ খচৰাত নাই।

  • Share this:


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই দাবী কৰিছে যে অবৈধ বেদখলকাৰীয়ে ২০৫০ চনৰ ভিতৰত অসমত ক্ষমতা দখল কৰাৰ বাবে এক ব্লুপ্ৰিণ্ট ৰচনা কৰিছে আৰু লাহে লাহে বিভিন্ন সমষ্টিত সংখ্যাগৰিষ্ঠতা প্ৰমাণিত কৰাৰ চেষ্টা চলাইছে। মুখ্যমন্ত্ৰীয়ে কয় যে দৰং জিলাৰ গৰুখুটিত আক্ৰমণকাৰী এই ব্লুপ্ৰিণ্ট ৰচনাকাৰীৰে এটা অংশ। গৰুখুটিত বেদখল কৰা লোকক উচ্ছেদৰ বাবে চলোৱা অভিযানত দুজন লোকৰ মৃত্যু হৈছিল। অৱশ্যে তেওঁলোকক মুছলমান বুলি ক’বলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে কেৱল এটা শ্ৰেণীয়ে এনেধৰণৰ কৰ্মকাণ্ড চলাই আছে।

ড০ শৰ্মাই ধেমাজিত কয়, ‘‘আমি ‘ইছলামিক’ শব্দটো ব্যৱহাৰ কৰা উচিত নহয় কিয়নো অসমৰ মুছলমানসকলে আমাক সহায় কৰিছে। এয়া এটা শ্ৰেণীৰ বিচাৰধাৰা। তেওঁলোকে পৰ্যায়ক্ৰমে নতুন সমষ্টিত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰে। মই মুখ্যমন্ত্ৰী আগতে মুখ্যমন্ত্ৰী নাছিলো আৰু ইয়াৰ ওপৰত (চোৰাংচোৱা আৰু আন এজেন্সীৰ পৰা) নথি–পত্ৰ আৰু ৰিপ’ৰ্টৰ বিষয়ে জনা নাছিলো, কিন্তু এতিয়া মই এয়া দেখিছো।’’

মুখ্যমন্ত্ৰীয়ে কয় যে চোৰাংচোৱা ৰিপ’ৰ্ট অনুসৰি অবৈধ বেদখলকাৰীয়ে ছিপাঝাৰ, বৰখলা আৰু লামডিং বিধানসভা সমষ্টিত ২০২৬লৈ জনগাঁথনিৰ পৰিৱৰ্তন আনি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ চেষ্টা চলাইছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে, ‘তেওঁলোকৰ ২০৫০ চনলৈ ৰাজ্যৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পৰিকল্পনা আছে। বটদ্ৰৱা, বৰক্ষেত্ৰী আৰু মঙলদৈত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে যিটো এইবাৰ বিধানসভা নিৰ্বাচনত দেখা গৈছে, যাৰ ফলত বিৰোধী দল কংগ্ৰেছে সেই তিনিখন আসনত জয়ী হৈছিল, যিকেইটা পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ হাতত আছিল।

মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে গৰুখুটিৰ পৰা উচ্ছেদ কৰা ১০ হাজাৰ লোকৰ ভিতৰত ৬ হাজাৰ লোকৰ নাম এন আৰ চিৰ খচৰাত নাই। যিসকলে গৰুখুটিত দীৰ্ঘদিন ধৰি বাস কৰি আহিছে আরু যিসকলৰ নাম এনআৰচিত আছে, আমি তেওঁলোকৰ সৈতে আলোচনা কৰিম।’

শেহতীয়া বাতৰি