বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেৰ দ্বাৰা উপস্থাপন কৰা বাজেটক ঐতিহাসিক আখ্যা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই বাজেটে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
মূলধন বিনিয়োগক উৎসাহিত কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক অধিক বিত্তীয় স্বায়ত্তশাসন প্ৰদান কৰাৰ বাবে তেওঁ বিত্ত মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
বাজেটে পিএম বিকাশ, National Apprentice Programme, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ আৰু ডিজিটেল অৰ্থনীতি আৰু সেউজ অৰ্থনীতিক উৎসাহিত কৰাৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগৰ জৰিয়তে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব বুলিও তেওঁ কয়। ইনফ্ৰাত ১৩ লাখ কোটি অভিলেখ আৱণ্টনে অৰ্থনীতিক ব্যাপকভাৱে বৃদ্ধি কৰিব শৰ্মাই উল্লেখ কৰে।
শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সামগ্ৰিকভাৱে, বাজেটখন প্ৰধানমন্ত্ৰী মোডীৰ সবকা সাথ সবকা বিকাশৰ আহ্বানৰ দ্বাৰা সঁচাকৈয়ে অনুপ্ৰাণিত হৈছে আৰু ই সমাজৰ সকলো শ্ৰেণীৰ ওপৰত (উদ্যোগী, কৃষক, মহিলা, যুৱ, জ্যেষ্ঠ, শিশু আৰু অন্যান্য পিছপৰা শ্ৰেণী) এক ইতিবাচক প্ৰভাৱ পেলাব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|