মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage in Assam : ''কোলাত কেঁচুৱা লৈ কন্দা পত্নীৰ কথা ভাবি কোনো অপৰাধক মান্যতা দিব নোৱাৰি''- মুখ্যমন্ত্ৰীয়ে ক'লে কোনবোৰ স্বামীয়ে পাব জামিন

Child Marriage in Assam : ''কোলাত কেঁচুৱা লৈ কন্দা পত্নীৰ কথা ভাবি কোনো অপৰাধক মান্যতা দিব নোৱাৰি''- মুখ্যমন্ত্ৰীয়ে ক'লে কোনবোৰ স্বামীয়ে পাব জামিন

''লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব।''- মুখ্যমন্ত্ৰী

''লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব।''- মুখ্যমন্ত্ৰী

''লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব।''- মুখ্যমন্ত্ৰী

  • Share this:

বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ যি অৱস্থান সেয়া অব্যাহত থাকিব। এইক্ষেত্ৰত চৰকাৰে আজি বা কালি বুলি নহয় সদায়ে শূন্য সহনশীল (zero tolerance) নীতি গ্ৰহণ কৰিব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা মত বিমিময়ৰ সময়ত এই কথা প্ৰকাশ কৰে।


ৰাজ্যত কেইবাহাজাৰ বাল্যবিবাহ (Child Marriage in Assam) কৰোৱা পুৰুষক গ্ৰেপ্তাৰ কৰাৰ পিছত একাংশ পত্নীৰ মাজত হোৱা হাহাকাৰময় পৰিস্থিতি প্ৰসংগত মুখ্যমন্ত্ৰীক সোধাত কয় যে লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্যবিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব। তেওঁ কয়- ''মোৰ ছোৱালী হ'লে মই বিয়া দিম নেকি ১২-১৩ বছৰত?''


মুখ্যমন্ত্ৰীয়ে কয় যে কোলাত কেঁচুৱা লৈ ওলাই অহা পত্নীৰ প্ৰতি সহানুভূতি চৰকাৰে যেনেকৈ দেখুৱাব লাগে দেখুৱাব, কিন্তু ইয়াকে লৈ এটা বেলেগ সহানুভূতি উদ্ৰেকৰ চেষ্টা চলোৱা উচিত নহয়। এই ধৰণৰ বাতৰিয়ে মুখ্যমন্ত্ৰীক বিচলিত নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ধৰণৰ কথাৰে এটা অপৰাধক মান্যতা দিব নোৱাৰি। মুখ্যমন্ত্ৰীয়ে কয়- আমি মহিলাগৰাকীক একো কৰা নাই আৰু তেওঁ যদি অৰ্থিক অসুবিধাত পৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব।


লগতে পঢ়ক : ছানী লিয়নী আহিবলগীয়া মণিপুৰৰ ফেশ্বন শ্ব'ৰ আয়োজনস্থলীত বিস্ফোৰণ 

উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে আজি লগতে উল্লেখ কৰে যে ১৪ বছৰৰ ওপৰৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষে জামিন পাব। কিন্তু ১৪ বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা পুৰুষৰ ক্ষেত্ৰত জামিনবিহীন ধাৰাত প্ৰয়োগ কৰা হ'ব।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই (Chief Minister Himanta Biswa Sarma) প্ৰকাশ কৰে যে অসমত বাল্য বিবাহ বন্ধ হ'বই লাগিব।


শেহতীয়া বাতৰি