শ্বাহৰুখ খানে ফোন কৰা সন্দৰ্ভত আজি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোক ফোন কৰিছে, কৈছে মই শ্বাহৰুখ খান, কথা পাতিছো। মোক কৈছে মোৰ চিনেমাখন গণ্ডগোল হ’ব নালাগে। মই বোলো নাম কি চিনেমাৰ? তেতিয়া তেওঁ মোক নাম কৈছে, মই কৈছো ঠিক আছে।’’
শ্বাহৰুখ খানে ফোন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মোক তেওঁ ৭.৩০ বজাত টেক্সট মেছেজ কৰিছে যে মই আপোনাৰ লগত কথা পাতিব বিচাৰো। মই সময় পোৱা নাই, সেয়ে দুই বজাত কথা পাতিছো।’’
শ্বাহৰুখ খানে ৭.৩০ বজাত টেক্সট মেছেজ কৰাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, তেওঁ ৭.৩০ বজাত মেছেজ কৰিছে যে মই আপোনাৰ সৈতে কথা পাতিব বিচাৰো। মইতো ৭.৪০ বজাতে তেওঁক ফোনটো কৰিব নোৱাৰো। এটা এটাকৈ লাইন ক্লিয়েৰ কৰি কৰি লাষ্ট তেওঁ আহিছে মই কৰিছো।’’
শ্বাহৰুখ খান যে ইমান ইম্প’ৰ্টেণ্ট মানুহ সেই কথা হেনো মুখ্যমন্ত্ৰীয়ে ভবাই নাছিল। ‘‘মুখ্যমন্ত্ৰীয়ে কয় মই কেতিয়াও তেওঁলোকৰ চিনেমাও চোৱা নাই। মোৰ আইডিয়াও নাই। সঁচাকৈ যদি আপোনালোকে মোক সোধে মই মুম্বাইৰ অভিনেতাৰ নাম নাজানো।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|