মই ৰাহুল গান্ধীক কিবা কোৱাৰ সময়ত ইমান লোকে সমালোচনাত মুখৰ হৈ পৰিছে, কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া সেনাৰ বিষয়ে কৈছিল তেতিয়া এইসকল লোকে কিয় সমালোচনা কৰা নাছিল বা টুইট কৰা নাছিল: হিমন্ত বিশ্ব শৰ্মা।
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱৰ সমালোচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)। তেওঁ কয় যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে (KCR) কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) ওপৰত মই কৰা মন্তব্যৰ দ্বাৰা উত্তেজিত হৈ পৰিছিল কিন্তু আমাৰ সেনাৰ ওপৰত গান্ধীৰ মন্তব্যৰ দ্বাৰা নহয়। সেনাক অপমান কৰাতকৈ ডাঙৰ দোষ একো নহয়। মই ৰাহুল গান্ধীক কিবা কোৱাৰ সময়ত ইমান লোকে সমালোচনাত মুখৰ হৈ পৰিছে, কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া সেনাৰ বিষয়ে কৈছিল তেতিয়া এইসকল লোকে কিয় সমালোচনা কৰা নাছিল বা টুইট কৰা নাছিল। গান্ধী পৰিয়ালক সমালোচনা কৰিব নোৱাৰা এই মানসিকতা সলনি কৰিব লাগিব। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|