মুখ্যপৃষ্ঠা » খবৰ

» অসম

»৬০ ঘৰ মানুহ থকা স্থানত কেনেকৈ ধলপুৰত আহিল ১০ হাজাৰ মানুহ ? দুশ বিঘা মাটি থকা বেদখলকাৰীক কিয় মাটি দিম ! উচ্ছেদ বন্ধ নহয়, চলি থাকিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৬০ ঘৰ মানুহ থকা স্থানত কেনেকৈ ধলপুৰত আহিল ১০ হাজাৰ মানুহ ? দুশ বিঘা মাটি থকা বেদখলকাৰীক কিয় মাটি দিম ! উচ্ছেদ বন্ধ নহয়, চলি থাকিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

News18 Assam | News18-Assam
Updated:September 24, 2021, 6:22 PM IST
৬০ ঘৰ মানুহ থকা স্থানত কেনেকৈ ধলপুৰত আহিল ১০ হাজাৰ মানুহ ? দুশ বিঘা মাটি থকা বেদখলকাৰীক কিয় মাটি দিম ! উচ্ছেদ বন্ধ নহয়, চলি থাকিব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
File Photo

এটা দিনৰ বাবে স্তব্ধ থাকিল ধলপুৰৰ (Dhalpur Eviction) উচ্ছেদস্থলী ৷ ৬০ঘৰ মানুহ থকা ধলপুৰত কেনেকৈ ১০ হাজাৰ মানুহ? এই উচ্ছেদ বন্ধ নহয় আৰু চলিব ৷ এয়া খন্তেক জিৰণী ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) ৷

  • News18 Assam
  • Last Updated: September 24, 2021, 6:22 PM IST
  • Share this:
এটা দিনৰ বাবে স্তব্ধ থাকিল ধলপুৰৰ (Dhalpur Eviction) উচ্ছেদস্থলী ৷ এই উচ্ছেদ বন্ধ নহয় আৰু চলিব ৷ এয়া খন্তেক জিৰণী ৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) ৷

'গৰুখুঁটিৰ বহু পৰিয়ালৰ আছে ৩০০ বিঘা পৰ্যন্ত মাটি৷ মুঠ ৩,০০০ পৰিয়ালৰ দখলত আছে ৭৭,০০০ বিঘা মাটি', মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। শ শ বিঘা মাটি লৈ বহি থকা বেদখলকাৰীক কিয় আমি মাটি দিম ৷ অসমৰ কোন মানুহৰ ইমান মাটি আছে ৷ মোক দেখুৱাই দিয়ক ৷  আমছু, কংগ্ৰেছ, AIUDFৰ সতে আমি আলোচনাত বহিছো ৷ সকলোয়ে মান্তি হৈছিল ৷ কিন্তু কালিৰ ঘটনা অস্বাভাৱিক ৷ এয়া কোন লোকৰ কাৰ্য তাৰ ইংগিত নাই মুখ্যমন্ত্ৰীৰ। কিন্তু ৬০ গৰাকী লোকৰ বসতিস্থলীত কেনেকৈ আহিল ১০ হাজাৰ লোক সেয়া প্ৰশ্নবোধক ৷ কংগ্ৰেছ, AIUDF দলৰ সঘন অহা যোৱা হৈছিল উচ্ছেদিত স্থানত ৷ এইসকল লোকক লগত লৈ সভা অনুষ্ঠিত কৰিছিল ৷ তাৰপৰা বুজা যায় এই ঘটনা পৰিকল্পিত ৷ কোনো উপাযুক্ত, আৰক্ষী অধীক্ষকৰ অধীনত এই ঘটনা নহয় ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হৈছে উচ্ছেদপৰ্ব ৷ কোনো লোক ইয়াৰ বাবে দোষী নহয় ৷ ধলপুৰৰ উচ্ছেদস্থলীক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
Published by: Kokil Sarma
First published: September 24, 2021, 4:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি