২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী (RahulGandhi)। ‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে আদালতে। অৱশ্যে তাৰ পিছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে। উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ হয় ৰাহুল গান্ধীৰ সাংসদ পদ।
চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। এতিয়া নিজকে দোষমুক্ত প্ৰমাণিত কৰাৰ বাবে ৰাহুল গান্ধীৰ হাতত আছে এমাহৰ সময়। এই ৰায়ৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কাষ চাপিব পাৰিব উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ।
ইফালে, আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৰাহুল গান্ধী সন্দৰ্ভত কয়, ‘‘ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিব লাগিছিল। ৪ বছৰে ভুলৰ কথা স্বীকাৰ নকৰিলে ৰাহুল গান্ধীয়ে। আদালতে লোৱা সিদ্ধান্তক আমি সমৰ্থন কৰিছোঁ। ভুল কৰিলে শাস্তি পাবই। কোনো সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰাটো অনুচিত। এটা সম্প্ৰদায়ক অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 25, 2023, 11:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।