• Home
  • »
  • News
  • »
  • assam
  • »
  • ৫ বছৰৰ বাবে নিষিদ্ধ PFI, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে – এয়া সাহসী সিদ্ধান্ত

৫ বছৰৰ বাবে নিষিদ্ধ PFI, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে – এয়া সাহসী সিদ্ধান্ত

Himanta Biswa Sarma (file Photo)

Himanta Biswa Sarma (file Photo)

সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰৰ তদন্তৰ সন্মুখীন হৈ থকা পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

  • Share this:
PFIৰ বিৰুদ্ধে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে সিদ্ধান্তক অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এই সিদ্ধান্ত এক সাহসী সিদ্ধান্ত। অসম চৰকাৰে ল’বলগা ফলোআপ অধিসূচনা ইতিমধ্যে জাৰি কৰিছে। জিলাসমূহে অধিসূচনা জাৰি কৰিব। ৰাজ্যৰ PFI আৰু CFIৰ কাৰ্যালয়সমূহ ছীল কৰা কাম আৰম্ভ হৈছে। একেদৰে নিষিদ্ধঘোষিত সংগঠনটোৰ সক্ৰিয় সকলো সদস্যক গ্ৰেপ্তাৰ কৰা হ’ব। ‘কা’ আন্দোলন আৰু গৰুখুটি কাণ্ডত PFI আৰু CFIৰ কলংকিত অধ্যায় দেখিবলৈ পোৱা গৈছিল।’’

উল্লেখযোগ্য যে সন্ত্ৰাসবাদীক পুঁজি যোগানৰ গোচৰৰ তদন্তৰ সন্মুখীন হৈ থকা পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFIৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দিল্লী–উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন স্থানত PFI বিৰুদ্ধে কেইবাটাও অভিযানৰ পিছত, কেন্দ্ৰীয় চৰকাৰে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত সংগঠনটোক অবৈধ বুলি ঘোষণা কৰিছে। চৰকাৰে জাৰি কৰা এক জাননী অনুসৰি, PFIক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। ইয়াৰোপৰি PFIৰ সৈতে জড়িত থকা আন আঁঠটা সংগঠনকো নিষিদ্ধ কৰা হৈছে।

জানিব পৰা মতে, গৃহ মন্ত্ৰণালয়ে তদন্তকাৰী সংস্থাসমূহৰ পৰা সন্ত্ৰাসবাদীৰে সম্পৰ্কৰ শক্তিশালী প্ৰমাণ পোৱাৰ পিছতহে এই পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ মতে, PFI আৰু ইয়াৰ সকলো সহযোগী সংস্থাক তাৎক্ষণিকভাৱে পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ সংগঠন চিমি আৰু জেএমবিৰ সৈতে PFIৰ লিংক পোৱা গৈছিল আৰু ইয়াৰ পাছতেই এই পদক্ষেপ লোৱা হৈছে। উল্লেখযোগ্য যে, বিগত ২২ ছেপ্টেম্বৰ আৰু ২৭ ছেপ্টেম্বৰত PFIৰ বিৰুদ্ধে দেশজুৰি অভিযান চলিছিল আৰু শ শ কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি