২০২২ৰ আৰম্ভণিতে চুবুৰীয়া ৰাজ্য মণিপুৰৰ (Manipur) লগতে পাঁচখন ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন (Election) ৷ মণিপুৰৰ উপৰিও গোৱা,উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড আৰু পঞ্জাৱত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন ৷ যাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বান্ধিছে ককালত টঙালী ৷
NORTH EAST DEMOCRATIC ALLIANCE চমূকৈ NEDAৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাক মণিপুৰৰ বিধানসভা নিৰ্বাচনক লৈ বৰ উৎসাহী দেখা নাই এই সময়ছোৱাত ৷ ইয়াৰ পৰিৱৰ্তে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া বাৰুকৈয়ে উৎসাহিত আগন্তুক পাঁচ ৰাজ্যক বিধানসভা নিৰ্বাচনক লৈ ৷ দিলীপ শইকীয়াৰ মতে পঞ্জাৱক বাদ দি আন চাৰিওখন ৰাজ্যতে ফুলিব পদুম ৷ শনিবাৰে বিজেপিৰ বিষয়ববীয়া বৈঠকৰ পিছত সংবাদ মাধ্যমত ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যইহে আচৰিত কৰিছে সকলোকে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অকল নিৰ্বাচনী প্ৰচাৰহে চলাব মণিপুৰত ৷ "মই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ বাবে মণিপুৰত সময় দিব পৰা অৱস্থাত নাই, মোৰ ভূমিকা কেৱল প্ৰচাৰতহে হ'ব ৷" ক'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে, "নৱ-নিৰ্বাচিত বিষয়ববীয়াসকলৰ দায়িত্ব লোৱাৰ পাছত এয়া প্ৰথমখন বৈঠক ৷ ২২, ২৩ ছেপ্তেম্বৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক ৷ ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আজিও আলোচনা হৈছে, কাৰ্যনিৰ্বাহকতো হ'ব ৷ উপ-নিৰ্বাচনৰ বাবে ৬খন কমিটি বনাই দিছে ৷ ৰাজ্যসভাৰ আমাৰ এজনেই প্ৰাৰ্থী, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হ'ব ৷ ভাৰত চৰকাৰৰ ন্যায় অধিকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালক সহ-প্ৰভাৰীৰ দায়িত্ব দিয়া হৈছে ৷ মই ব্যস্ত থাকিম ৷ কিন্তু প্ৰচাৰ চলাম মণিপুৰত ৷"
Published by: Kokil Sarma
FIRST PUBLISHED : September 11, 2021, 23:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।