• Home
  • »
  • News
  • »
  • assam
  • »
  • মই শ্বাহৰুখ খানক কিয় চিনি পাব লাগে? মোক ভোট দিয়া কিমান মানুহক মই চিনি নাপাওঁ : মুখ্যমন্ত্ৰী

মই শ্বাহৰুখ খানক কিয় চিনি পাব লাগে? মোক ভোট দিয়া কিমান মানুহক মই চিনি নাপাওঁ : মুখ্যমন্ত্ৰী

‘পাঠান’ক লৈ ইমান কিয় ব্যস্ত হৈ পৰিছে বুলিও সাংবাদিকক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ শৰ্মাই কয়, এনেকুৱা কিমান পাঠান আহিছে কিমান গৈছে, আমি কিহৰ বাবে ইমান টেনচন ল’ব লাগে?

  • Share this:
‘‘মই শ্বাহৰুখক কিয় চিনি পাব লাগে? অসমৰে কিমান মানুহক মই চিনি নাপাওঁ। মোক ভোট দিয়া কিমান মানুহক মই চিনি নাপাওঁ। মই নিমখ খাই থৈ দিয়া মানুহকে মই চিনি নাপাওঁ।’’ – এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি এক সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

‘পাঠান’ ছবি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানে ফোন কৰা সন্দৰ্ভত তেওঁ কয়, ‘‘মোক ফোন কৰিছে। কৈছে মই শ্বাহৰুখ খান, মই বোলো ঠিক আছে, কথা পাতিছো। মোক কৈছে মোৰ চিনেমাখন গণ্ডগোল হ’ব নালাগে। মই বোলো নাম কি চিনেমাৰ? তেতিয়া তেওঁ মোক নাম কৈছে। মই কৈছো ঠিক আছে।’’

‘পাঠান’ক লৈ ইমান কিয় ব্যস্ত হৈ পৰিছে বুলিও সাংবাদিকক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ শৰ্মাই কয়, এনেকুৱা কিমান পাঠান আহিছে কিমান গৈছে, আমি কিহৰ বাবে ইমান টেনচন ল’ব লাগে?

মুম্বাইৰ অভিনেতাৰ নাম নাজানো বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় মই তেওঁলোকৰ চিনেমা চোৱাও নাই, নাজানোও মই। মই ২০০১ৰ পিছত ৬–৭খন চিনেমাহে চাইছো। সময় পালে ড০ বেজবৰুৱাখন চাম।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি