নাও দুৰ্ঘটনাৰ (Assam Boat Accident) বুজ ল'বলৈ নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। পোনে পোনে মেচিন নাৱত উঠি ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি নাওখনত আছিল ৯০ গৰাকী যাত্ৰী। ইয়াৰ এজন লোক দুৰ্ঘটনাত মৃত্য়ু হয়, আৰু দুজন লোক সন্ধানহীন হৈ আছে। NDRF-SDRFএ নাওখন কাটি পৰীক্ষা কৰে। নাৱৰ ভিতৰত কোনো মানুহ পোৱা নাই, কেইটামান সামগ্ৰীৰ বেগ পোৱা যায়। তদন্ত প্ৰক্ৰিয়া চলি আছে, গধূলিলৈ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হ'ব। ইতিমধ্যে জল পৰিবহণ বিভাগে ৩জনক নিলম্বন কৰিছে। আৰু ছিংগল ইঞ্জিন নাও চলিবলৈ দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ছিংগল ইঞ্জিনবোৰ মেৰিন ইঞ্জিনলৈ উন্নত কৰিব পাৰিব, তাৰ বাবে ১০ লাখ টকাৰ প্ৰয়োজন হ'ব। ইয়াৰে ৭৫ শতাংশ ৰাজসাহায্য পাব, ২৫ শতাংশ ঋণ ল'ব পাৰিব। কাইলৈ সৰ্বানন্দ সোণোৱাল গুৱাহাটীলৈ আহিব, তেওঁৰ সৈতে আলোচনা কৰা হ'ব।
দলং নিৰ্মাণ হ'বলৈ ৪ বছৰ লাগিব, নৱেম্বৰৰ পৰা কাম আৰম্ভ হ'ব। দুৰ্ঘটনাত নিহতক পৰিয়ালৰ সৈতে আলোচনা কৰি উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব, তেওঁলোকৰ সৈতে অসম চৰকাৰ আছে। আজিৰ পৰা ছিংগল ইঞ্জিন নাও বন্ধ থাকিব, তেওঁলোকে ইচ্ছা কৰিলে চৰকাৰী সাহায্য লৈ মেৰিন ইঞ্জিন কৰি ল'ব পাৰে। এতিয়াৰে পৰা নিমাতীঘাটত ৬ খন চৰকাৰী ফেৰী চলিব। ফেৰীৰ সময় উপায়ুক্তসকলে ঠিৰাং কৰিব। নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|