
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চিকিৎসা সেৱা সন্থাৰ সদস্যসকলৰ সৈতে তেখেতসকলৰ কেইবাটাও দাবী সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকত মিলিত হয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চিকিৎসা সেৱা সন্থাৰ সদস্যসকলৰ সৈতে তেখেতসকলৰ কেইবাটাও দাবী সন্দৰ্ভত আলোচনাৰ বাবে এক বৈঠকত মিলিত হয়।
বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম চিকিৎসা সেৱা সন্থাৰ সদস্যসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে, এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ কেইবাটাও দাবী সন্দৰ্ভত আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই থকা চিকিৎসকসকলৰ টাইম স্কেল পদোন্নতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক চিকিৎসকসকলৰ কেডাৰ সংশোধনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰেই এক যুক্তিসংগত সমিধানেৰে তেওঁলোকৰ দাবী পূৰণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰোপৰি, চিকিৎসকসকলৰ দৰমহাৰ সমতা অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ লগতে দৰমহাৰ বৈষম্য দূৰ কৰিবলৈ স্নাতকোত্তৰ জ্যেষ্ঠ চিকিৎসকসকলৰ দৰমহা বৃদ্ধিৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি থকা চিকিৎসকসকলৰ দৰমহা বৃদ্ধিৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম চিকিৎসা সেৱা সন্থাৰ সদস্যসকলৰ এই বৈঠকত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|