உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Government Scheme: চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে কোন হ'ব উপকৃত? আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

    Government Scheme: চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে কোন হ'ব উপকৃত? আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

    কোনে, কেনেকৈ আবেদন কৰিব পাৰিব?

    কোনে, কেনেকৈ আবেদন কৰিব পাৰিব?

    কোনে, কেনেকৈ আবেদন কৰিব পাৰিব?

    • Share this:
    আজি বিয়লি ৫ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব 'অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০'ৰ ৷ প্ৰচুৰ চাহিদাসম্পন্ন অৰ্থডক্স চাহপাত আৰু বিশেষ কেইবিধমান চাহপাতৰ উৎপাদন বৃদ্ধিৰ বাবে কৰা হৈছে এই আঁচনি ৷

    আঁচনি খনৰ জৰিয়তে অৰ্থডক্স আৰু বিশেষ চাহপাত প্ৰস্তুতকাৰী উদ্যোগৰ ক্ষেত্ৰত কাৰ্যকৰী মূলধনৰ বিপৰীতে বছৰি ৩ শতাংশ সুত ৰেহাই দিয়া হ'ব ৷ আঁচনিৰ সৰ্বোচ্চ নিৰিখ ২০ লাখ টকা ৷ আঁচনিখনৰ জৰিয়তে প্ৰতি কেজি অৰ্থডক্স আৰু বিশেষ চাহপাত উৎপাদনৰ বিপৰীতে ৰাজসাহায্য হিচাপে পাব সাত টকাকৈ ৷ প্ৰয়োজনীয় নতুন যন্ত্ৰ-পাতিৰ বাবে ব্যয় কৰা মূলধনৰ বিপৰীতে ২৫ শতাংশ ৰাজসাহায্য পাব ৷ ইয়াৰ সৰ্বোচ্চ নিৰিখ হ'ব ৩০ লাখ টকা ৷ উৎপাদনকাৰীয়ে তিনি বছৰৰ বাবে কৃষি আয়কৰ ৰেহাই পাব ৷

    'অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০'ৰ জৰিয়তে লাভান্বিত হ'ব অৰ্থডক্স চাহপাত, গ্ৰীণ টি, ওং টি, হোৱাইট টি, য়েল্ল টি, পাৰ্গল টি আদি ৰাজ্যৰ বিশেষ চাহপাত প্ৰস্তুতকাৰী সকল উপকৃত হ'ব ৷

    এই আঁচনিখন তিনি বছৰৰ বাবে প্ৰযোজ্য থাকিব আৰু অনলাইন পৰ্টেলৰ জৰিয়তে হিতাধিকাৰীয়ে পঞ্জীয়ন তথা ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰিব ৷
    Published by:Himangshu Bhuyan
    First published: