কেইবাটাও কাৰ্যসূচীৰে শুক্ৰবাৰে ডিব্ৰুগড়ত (Dibrugarh) উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) । ইয়াৰে ভিতৰত দুখনকৈ গুৰুত্বপূৰ্ণ সেতু নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
২০১৯ - ২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অধীনত ডিব্ৰুগড় কনভয় ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা - "ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা হৈছে। আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ'ব পৌৰ নিগমত । ডিব্ৰুগড়ত হ'ব বৃহৎ সভাগৃহ । য'ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো বৃহৎ সভা-সমিতি হব। যিমান টকা ব্যয় হয় ৰাজ্য চৰকাৰে বহন কৰিব । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চহৰৰ পৰিবৰ্তে উপকণ্ঠ অঞ্চলত নিৰ্মাণ কৰাৰ লগতে বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ স্থান কলাক্ষেত্ৰলৈ পৰিণত কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সভাগৃহটো শংকৰদেৱ কলাক্ষেত্ৰ অডিটৰিয়ামৰ দৰে গঢ়ি তুলিব ।"
আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মূখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পদপথ সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অৱস্থাত থকা বহু মুখী ক্ৰীড়া প্ৰকল্পত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান হৈ থকা বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মূল ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম প্ৰায় এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি যাবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ডিব্ৰুগড়ৰ খনিকৰত প্ৰায় ৫০০কোটি ব্যয়েৰে নিৰ্মাণ হৈ আছে বহুমুখী ক্ৰীড়া প্ৰকল্প।উল্লেখযোগ্য যে, ডিব্ৰুগড়ত নিৰ্মীয়মান হৈ থকা বহু মুখী ক্ৰীড়া প্ৰকল্পৰ কাম সম্পন্ন হৈ উঠিলে ডিব্ৰুগড়ৰ এক বহু দিনীয়া অভাৱ পূৰণ হব।আনহাতে ইয়াৰ পাছতে খনিকৰস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত উপস্থিত হৈ আৰ্শীবাদ কামনা কৰে মুখ্যমন্ত্ৰীয়ে । উল্লেখযোগ্য যে, জগন্নাথ মন্দিৰত জেষ্ঠ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা লগতে সম্বৰ্ধনা জনোৱা কাৰ্যই ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী বিধায়ক । শ্বেৰমানে মুখ্যমন্ত্ৰীৰ হৈ কাম কৰা বুলি কংগ্ৰেছে অভিযোগ অনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘শ্বেৰমানে যদি মোৰ হৈ কাম কৰিছে কংগ্ৰেছে খেদি দিয়ক’ ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|