• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশ্ব বেংকৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সম্পন্ন; ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন

বিশ্ব বেংকৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সম্পন্ন; ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন

এই দিনটোতে বিশ্ব বেংকৰ প্ৰতিনিধি দলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন কৰে।

এই দিনটোতে বিশ্ব বেংকৰ প্ৰতিনিধি দলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন কৰে।

এই দিনটোতে বিশ্ব বেংকৰ প্ৰতিনিধি দলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন কৰে।

  • Share this:
আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত বিশ্ব বেংকৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জানিব পৰা মতে, বিশ্ব বেংকৰ দক্ষিণ এছিয়াৰ ক্ষেত্ৰীয় উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ আৰু বিশ্ব বেংক, ভাৰতৰ সঞ্চালক অগষ্ট টানো কোৱামেৰ সৈতে উক্ত বৈঠকখন সম্পন্ন হয়। এই বৈঠকত বিশ্ব বেংকৰ বিত্তীয় সাহাৰ্যৰে ৰূপায়ণ হৈ থকা বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহ (ইএপি)ৰ লগতে প্ৰস্তাৱিত ইএপিসমূহৰ সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হয়। আলোচনাৰ সময়ছোৱাত দুয়োপক্ষই প্ৰকল্পসমূহৰ বাকী ৰৈ যোৱা কামসমূহ দ্ৰুত গতিত সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰে। ইয়াৰোপৰি ভৱিষ্যতে ৰূপায়ণ হ'বলগীয়া প্ৰকল্পসমূহো আৰম্ভ কৰিবলৈ শীঘ্ৰে অনুমোদন প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৈ গুৰুত্ব প্ৰদান কৰে৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নয়নৰ সম্ভাৱনাপূৰ্ণ যাত্ৰাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা আন্তৰিক সহযোগিতাৰ বাবে বিশ্ব বেংকক প্ৰশংসা কৰে। লগতে অসম চৰকাৰ আৰু বিশ্ব বেংকে ৰাজ্যখনত নতুন নতুন প্ৰকল্প আৰু আঁচনিৰ শুভাৰম্ভণি কৰি আগন্তুক সময়ত দুয়োপক্ষৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব বুলিও তেখেতে আস্থা প্ৰকাশ কৰে।

একেদিনাই বিশ্ব বেংকৰ প্ৰতিনিধি দলৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল’ৰ উদ্বোধন কৰে। উল্লেখ্য যে, এই প’ৰ্টেলটো হ’ল ৰাজ্য চৰকাৰে আৰম্ভ কৰা এনেধৰণৰ দ্বিতীয়টো প’ৰ্টেল। পৰ্টেলটো শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীজনে কয় যে ৰাজহুৱা ক্ৰয় ব্যৱস্থাটোলৈ স্বচ্ছতা অনাৰ লগতে জনসাধাৰণে যাতে এটা স্থানৰ পৰাই ক্ৰয় সম্বন্ধীয় সকলো তথ্য লাভ কৰিব পাৰে, তাৰ বাবে এই প’ৰ্টেলটো আৰম্ভ কৰা হৈছে।

মন কৰিবলগীয়া কথা যে, এই বৈঠকখনত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া পৱন বৰঠাকুৰ আৰু ৰবিশংকৰ প্ৰসাদো উপস্থিত আছিল।
Published by:Sehnaz Begum
First published: