• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: মাজুলীৰ নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ শিক্ষা বিভাগৰ চাকৰি, পৰিমিতাৰ ভগ্নীকো অধ্যাপিকাৰ পদত দিলে নিযুক্তি, ৰাজ্যিক কেবিনেটত লোৱা হ'ল বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Himanta Biswa Sarma: মাজুলীৰ নাও দুৰ্ঘটনাত নিহত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ শিক্ষা বিভাগৰ চাকৰি, পৰিমিতাৰ ভগ্নীকো অধ্যাপিকাৰ পদত দিলে নিযুক্তি, ৰাজ্যিক কেবিনেটত লোৱা হ'ল বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক।

  • Share this:
শুকুৰবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকত লোৱা হয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাজুলীৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ এটি চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইদৰে পৰিমিতাৰ ভগ্নী মধুমিতালৈ scert lecturer পদ আগবঢ়াই ৰাজ্যিক কেবিনেটে।

আজিৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'লঃ 

  • গুৱাহাটীৰ IITৰ সৈতে মিলি এখন চুপাৰ স্পেচিলিট হাস্পতাল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • পৌৰ নিগমত মহিলা বাবে সুৰক্ষিত ৱাৰ্ড সমূহ ৫বছৰৰ পৰিৱৰ্তে ১০বছৰ কৰা হৈছে।

  • ৮খন জিলাত ৯ খনকৈ মহিলা মডেল মহাবিদ্যালয় স্থাপনৰ বাবে ২০৭.৯১ কোটি টকাৰ অনুমোদন।

  • ৬খন চৰকাৰী মডেল কলেজ, ৩খন ইঞ্জিনিয়াৰিং কলেজৰ বাবে ৪৭৫কোটি টকা নিৰ্ধাৰণ।

  • জনস্বাস্থ্যত ২৯ হাজাৰ আঁচনিৰ জৰিয়তে ৬৩ লাখক পানী যোগান ধৰা হ'ব। এই আঁচনি ধাৰাবাহিক ভাবে চলাই নিবলৈ কেবিনেটত জলজীৱন আঁচনি চলাই নিবলৈ ২২ হাজাৰ যুৱকক 6500/ টকাকৈ বৰঙণিৰে নিয়োগ কৰা হ'ব।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি