অসম আৰু বড়োভূমিত AK-47, পিষ্টলৰ বিপৰীতে এক নতুন অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ ৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত মূল সুঁতিলৈ প্ৰত্যাবৰ্তন কৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৬৬৯ গৰাকী প্ৰাক্তন এনডিএফবি (NDFB) সদস্যক আগবঢ়োৱা চাৰি লাখ টকাৰ ফিক্সড ডিপোজিত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে।
নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট আৰু এবছুৰে স্বাক্ষৰিত কৰা ঐতিহাসিক বিটিআৰ চুক্তি খনৰ জৰিয়তে বড়োভূমিত স্থায়ী শান্তি অহা বুলি দাবী কৰে । এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাইজে মুক্ত মনেৰে ভোট দিয়াৰ কথা সদৰি কৰি উক্ত চুক্তি খনৰ পিছত বড়োভূমিত হত্যা হিংসাৰ অভিযোগ নোহোৱা হৈ পৰিছে আৰু আমি স্থায়ী শান্তিৰ দিশে অগ্ৰসৰ হৈছোঁ বুলি দাবী কৰে ।
কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক ক্ষেত্ৰত আজি আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত মূল সুঁতিলৈ প্ৰত্যাবৰ্তন কৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৬৬৯ গৰাকী এনডিএফবিৰ কেডাৰক অসম চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । ১৬৬৯ গৰাকী পূৰ্বৰ এনডিএফবি সদস্যৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১১২২ গৰাকী, চিৰাং জিলাৰ ৫১৩ গৰাকী আৰু গোৱালপাৰা জিলাৰ ৩৪ গৰাকী ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|