সোমবাৰৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে।
সোমবাৰৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে।
গুৱাহাটীৰ বিজুলী ভৱনত সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ পূৰ্বে অৱশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিজুলী ভৱনৰ সভাকক্ষত APDCL, APGCL, AEGCL প্ৰতিনিধিৰ সৈতে বিভিন্ন বিষয়কলৈ বিতংভাৱে আলোচনা কৰে। তিনিওটা শক্তি কোম্পানীৰ হেৰুওৱা ৰাজহ কোম্পানীকেইটাই যাতে পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছে বুলি সংবাদমেলত জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অধিক কঠোৰ হ'ব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদ্যুৎ চুৰি কৰা সকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতিও চৰকাৰে লক্ষ্য ৰখিব। এটা কোম্পানীয়ে দিয়া জিএছটি আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান সেয়া পুংখানুপুংখ ভাৱে পৰীক্ষা কৰিব চৰকাৰে। গুজৰাটৰ শক্তি বিতৰণৰ আৰ্হিক লৈ মঙলবাৰে হ'ব ভিডিঅ' কনফাৰেন্স।
সোমবাৰৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলত শক্তিমন্ত্ৰী বিমল বৰা আৰু ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|