মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Corona Curfew in Assam : সোমবাৰৰ পৰা ডিব্ৰুগড়ত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন। ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ।

Corona Curfew in Assam : সোমবাৰৰ পৰা ডিব্ৰুগড়ত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন। ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ।

News18 Assam | News18-Assam
Updated:May 15, 2021, 5:48 PM IST
Corona Curfew in Assam : সোমবাৰৰ পৰা ডিব্ৰুগড়ত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন। ডিব্ৰুগড়ত কোৰোণাৰ ভয়াৱহ সংক্ৰমণ।
ডিব্ৰুগড়ত শীঘ্ৰে ছুপাৰ স্পেছিয়েলিটী হাস্পতাল কাৰ্যক্ষম হ’ব আৰু হাস্পতালখনত ৬০ খন আই চি ইউ (ICU) বিছনাৰ ব্যৱস্থা থাকিব ।

ডিব্ৰুগড়ত শীঘ্ৰে ছুপাৰ স্পেছিয়েলিটী হাস্পতাল কাৰ্যক্ষম হ’ব আৰু হাস্পতালখনত ৬০ খন আই চি ইউ (ICU) বিছনাৰ ব্যৱস্থা থাকিব ।

  • Share this:
সোমবাৰৰ পৰা ডিব্ৰুগড়ত ২ বজাৰ পৰিৱৰ্তে ১২ বজাৰ পৰা হ’ব সান্ধ্য আইন। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (AMCH )ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

শেহতীয়া কোভিড পৰিস্থিতি সন্দৰ্ভত AMCH কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিক পৰাপক্ষত হোম আইছ’লেচনৰ ব্যৱস্থা কৰাৰ কণ্টেইনমেণ্ট জ’ন বৃদ্ধিৰ পৰামৰ্শ দিয়ে। কণ্টেইনমেণ্ট জ'নত থকা দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে শীঘ্ৰে ডিব্ৰুগড়ত ছুপাৰ স্পেছিয়েলিটী হাস্পতাল কাৰ্যক্ষম হ’ব আৰু হাস্পতালখনত ৬০ খন আই চি ইউ (ICU) বিছনাৰ ব্যৱস্থা থাকিব ।

ডিব্ৰুগড়ত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে প্ৰায় ২১ হাজাৰ কোৰোণা ভেকচিন মজুত আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

উল্লেখ্য যে ডিব্ৰুগড়ত শুকুৰবাৰলৈ মুঠ কোভিড ৰোগীৰ সংখ্যা ৭,১১১ গৰাকী আৰু মৃত্যুৰ সংখ্যা ৭৬ গৰাকী।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী বিমল বৰা, কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক প্ৰশান্ত ফুকনো আছিল মুখ্যমন্ত্ৰী শৰ্মাৰ লগত।
Published by: Manjumoni Borah
First published: May 15, 2021, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি