অনিয়ম, অনীতিৰে পৰীক্ষা অনুষ্ঠিত কৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ভুল স্বীকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পলমকৈ হ'লেও বিধানসভাত চৰকাৰৰ দোষ স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
প্ৰশ্নকাকত ফাদিলত জড়িত চাৰি মাষ্টাৰমাইণ্ড ৷ চাৰি মাষ্টাৰমাইণ্ডৰ দুজন এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৷ জালত নপৰা দুই অপৰাধীক আত্মসমৰ্পণ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ অন্যথা অচিৰেই ল'ব কঠোৰ ব্যৱস্থা ৷ দোষীয়ে ভুল স্বীকাৰ কৰি আত্মসমৰ্পন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ শিক্ষাৰ্থীৰ জীৱনৰ সতে হেতালি খেলা কোনো দোষী সাৰি নায়ায় ৷ পলমকৈ হ'লেও শিক্ষা বিভাগৰ ভুল স্বীকাৰ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত স্থিতিত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ৷ মুখ্যমন্ত্ৰীয়ে মাধ্যমিক শিক্ষাৰ নিজ ভুল স্বীকাৰ কৰাৰ বিপৰীতে শিক্ষামন্ত্ৰী পেগুয়ে এতিয়াও দোষ স্বীকাৰ কৰা নাই ৷ বিপৰীতে আনক দোষাৰোপ কৰাৰ চেষ্টা ৷ শিক্ষামন্ত্ৰীয়ে এখোপ আগুৱাই গৈ পেপাৰ ফাদিল সংবাদ মাধ্যমৰ ৰহন বুলি অভিহিত মন্ত্ৰীগৰাকীৰ ৷ ক'ত প্ৰশ্নকাকত ফাদিল হৈছে তাৰ তথ্য সংবাদ মাধ্যমৰ পৰা বিচৰা বুলি দাবী শিক্ষামন্ত্ৰীৰ ৷ নাও বুঢ়িলে টিনৰ পৰা ননমা শিক্ষামন্ত্ৰীৰ যেন তিলমানো অনুশোচনা নাই প্ৰশ্নকাকত ফাদিলৰ পাছতো ৷ চাৰি লাখ শিক্ষাৰ্থীৰ জীৱনৰ সতে হেতালি কৰা ছেবাক এতিয়াও শিক্ষা মন্ত্ৰীৰ ৰক্ষণাবেক্ষণৰ ভূমিকা ৷
Published by: Kokil Sarma
FIRST PUBLISHED : March 16, 2023, 19:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।