মুখ্যপৃষ্ঠা »খবৰ »অসম »Himanta Biswa Sarma : ‘অসমলৈ আহি মোৰ বিৰুদ্ধে এটা গোচৰ দেখুৱাই দিয়ক’ – অৰবিন্দ কেজৰিৱাক চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma : ‘অসমলৈ আহি মোৰ বিৰুদ্ধে এটা গোচৰ দেখুৱাই দিয়ক’ – অৰবিন্দ কেজৰিৱাক চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ

হিমন্ত বিশ্ব শৰ্মাই ক’লে, কেজৰিৱালৰ সাহস আছে যদি তেওঁ ২ এপ্ৰিলৰ গুৱাহাটীৰ সভাত মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনক, পিছদিনাই মই গোচৰ দিম।

  • Share this:
২ এপ্ৰিলত গুৱাহাটীলৈ আহিব আম আদমি পাৰ্টীৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)। কেজৰিৱালৰ গুৱাহাটী ভ্ৰমণৰ দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চেলেঞ্জ (Himanta Biswa Sarma challenge to Arvind Kejriwal)।

হিমন্ত বিশ্ব শৰ্মাই ক’লে, কেজৰিৱালৰ সাহস আছে যদি তেওঁ ২ এপ্ৰিলৰ গুৱাহাটীৰ সভাত মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনক, পিছদিনাই মই গোচৰ দিম।

সিমানতে ক্ষান্ত নাথাকি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক প্ৰশ্ন কৰিলে যে মোৰ বিৰুদ্ধে দুৰ্নীতিৰ কিবা গোচৰ আজিলৈ দেখিছে নেকি? দিল্লীৰ মন্ত্ৰী মনীষ ছিছ’ডিয়াৰ কি হ’ল সেয়াও আপোনালোকে দেখিলে বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ভাৰতত মোৰ বিৰুদ্ধে কিবা গোচৰ আছে নেকি? কেজৰিৱালে বিধানসভাৰ ভিতৰত কথা কয়। তেওঁক অসমলৈ আহিব দিয়ক আৰু কওক যে মোৰ বিৰুদ্ধে কিবা গোচৰ আছে। অৰবিন্দ কেজৰিৱালক অসমলৈ আহিবলৈ দিয়ক আৰু মোৰ বিৰুদ্ধে এটা শব্দ ক’বলৈ দিয়ক যে মই দুৰ্নীতিগ্ৰস্ত, পিছদিনাই মই মানহানি গোচৰ তৰিম। যিটো মই মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে কৰিছিলো। কোনোবাই মানুহক বিপথে পৰিচালিত কৰিছে যে মোৰ বিৰুদ্ধে গোচৰ আছে। একাংশ কংগ্ৰেছীয়ে দিয়া গোচৰৰ বাদে সমগ্ৰ ভাৰতত মোৰ বিৰুদ্ধে কোনো গোচৰ নাই।’’

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নক লৈ দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত ছ’চিয়েল মিডিয়াত হৈছিল সংঘাত। ইয়াৰোপৰি বৰ্তমান সময়ৰ দেশৰ ৰাজনৈতিক পৰিৱেশত ২ এপ্ৰিলৰ কেজৰিৱালৰ গুৱাহাটী ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

শেহতীয়া বাতৰি