Himanta Biswa Sarma in Uttarakhand: "মুছলিম সম্প্ৰদায়ক শিক্ষাৰ প্ৰয়োজন, হিজাবৰ নহয়... ৰাজনৈতিক ইছলাম হৈছে কংগ্ৰেছৰ পৃষ্ঠপোষকতা।"
Himanta Biswa Sarma in Uttarakhand: "মুছলিম সম্প্ৰদায়ক শিক্ষাৰ প্ৰয়োজন, হিজাবৰ নহয়... ৰাজনৈতিক ইছলাম হৈছে কংগ্ৰেছৰ পৃষ্ঠপোষকতা।"
আজি উত্তৰাখণ্ড (Uttarakhand)ত নিৰ্বাচনী প্ৰচাৰত দেশত শেহতীয়াকৈ উত্তাল হৈ পৰা হিজাব বিতৰ্ক (Hijab Controversy)ক লৈ কংগ্ৰেছক জগৰীয়া কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta BiswaSarma)ই। উত্তৰাখণ্ডৰ কিচাত বিজেপি (BJP)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ (Uttarakhand Assembly Polls) চলোৱাৰ পিছত ডেৰাডুনত এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই কয় যে মুছলিম সম্প্ৰদায়ক শিক্ষাৰ প্ৰয়োজন, হিজাবৰ নহয়... ৰাজনৈতিক ইছলাম হৈছে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত।
হিমন্ত বিশ্বই কয়, "এজন শিক্ষকে কেনেকৈ জানিব যে শিক্ষাৰ্থীয়ে বুজি আছে নে নাই, যদি তেওঁলোকে হিজাব পিন্ধি থাকে? ৩ বছৰ আগতে কোনেও কোৱা নাছিল যে তেওঁলোকে হিজাব পিন্ধিব বিচাৰে?... মুছলিম সম্প্ৰদায়ক শিক্ষাৰ প্ৰয়োজন, হিজাবৰ নহয়... ৰাজনৈতিক ইছলাম হৈছে কংগ্ৰেছৰ পৃষ্ঠপোষকতা।"
হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণ কৰি আকৌ কয়, "তোষণ কংগ্ৰেছৰ ডিএনএত আছে। কংগ্ৰেছে মুছলমানসকলক ভোটৰ বাবে সন্তুষ্ট কৰিবলৈ নিৰন্তৰ লাগি আছে। কিন্তু মুছলমানৰ উন্নতিৰ বাবে কাম কৰাৰ পৰিৱৰ্তে, দলটোৱে মুছলমানসকল পিছ পৰি থকাটোহে বিচাৰে আৰু সেয়েহে মাদ্ৰাছা আৰু হিজাবৰ পৃষ্ঠপোষকতা কৰি আছে।"
কংগ্ৰেছে মেৰুকৰণৰ ৰাজনীতিত প্ৰৱেশ কৰিছে। কেতিয়াবা মই অনুভৱ কৰোঁ যে জিন্নাৰ আত্মাই কংগ্ৰেছত প্ৰৱেশ কৰিছে। তেওঁলোকে কয় যে মাদ্ৰাছা খোলা, মুছলিম বিশ্ববিদ্যালয় খোলাটো সঠিক, তেওঁলোকে আৰু কয় যে হিজাব পিন্ধাটোও সঠিক! কংগ্ৰেছৰ মেৰুকৰণৰ ৰাজনীতি শেষ হোৱা উচিত। মই ভাবোঁ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পিছত এইয়া যথেষ্ট পৰিমাণে কমিব : কিছাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ নগৰ আৰু গ্ৰাম্য অঞ্চলৰ পৰিয়ালবোৰে পানী আৰু বিদ্যুৎ লাভ কৰি আছে। আনহাতে উত্তৰাখণ্ডকে ধৰি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ঘাইপথ দ্ৰুত গতিত নিৰ্মাণ কৰা হৈছে। এইটো এটা দুৰ্ভাগ্য যে কংগ্ৰেছে সদায় দেশৰ সফলতাৰ ওপৰত প্ৰশ্ন কৰি অপমানিত কৰি আহিছে বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|