শুকুৰবাৰে মৰিগাঁৱত অসম প্ৰদেশ যুৱ মৰ্চা উদ্যোগত কেন্দ্ৰীয় ভাবে শ্বহীদ দিৱস আয়োজন কৰে। ৰাজ্যিক বিজেপি সভাপতি ভবেশ কলিতাই আদৰণী বক্তব্যৰে আৰম্ভ কৰা সভা খনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত গৰুখুঁটিত মাটি বেদখল মুক্ত কৰাৰ লগতে মাটি অবৈধ ভাবে দখল কৰি থকা সকলে কিদৰে এটা সময়ত খিলঞ্জীয়া লোকক আক্ৰমণ কৰিছিল তাৰ ওপৰতো মন্তব্য আগবঢ়ায়। ইফালে অসম আন্দোলনৰ প্ৰথম শ্বহীদ স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰ জন্মস্থান ভৱানীপুৰ সমষ্টিটো পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ সৈতে বুজাবুজিৰে এটা বিশেষ ৰাজনীতি দলে দখল কৰাত দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
শেষত শ্বহীদ পৰিয়াল সমূহৰ সুৰক্ষা ক্ষেত্ৰটো মন্তব্য কৰে। অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা,মন্ত্ৰী পীয়ুষ হাজৰিকা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বিধায়ক ৰামাকান্ত ডেউৰী, ৰুপক শৰ্মা, শ্বহীদ পৰিয়ালৰ সদস্য সকলৰ লগতে প্ৰায় ১৫ সহস্ৰধিক লোক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|