বিধানসভাৰ বাজেট অধিৱেশনৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণৰ প্ৰসংগত ধন্যবাদসূচক ভাষণ ৰাখে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ভাষণ প্ৰসংগত ভাষণ ৰখা সকলোকে ধন্যবাদ দি কয়- ''মই দুটা কথা ক'ম, চৰকাৰৰ ভাল কামতো বিৰোধীয়ে বিৰোধিতা কৰিব লাগে বুলিয়েই বিৰোধিতা কৰিব নেকি? সদনৰ ভিতৰত কিছুমান কথা কৈ পৰিৱেশ সৃষ্টি কৰা হৈছে যেন অসম অশান্ত হৈছে ৷ সদনৰ বাহিৰত গ'লে কি দেখা যায়? ক'তো ধৰ্ণা নাই, ক'তো বোমা ফুটা নাই, ক'তো গুলী ফুটা নাই ৷ বড়োভূমিত শান্তি আহিল ৷ তাত এতিয়া নুফুটে গুলী ৷ এতিয়া বন্দুক জমা দিয়াৰ প্ৰতিযোগিতা চলিছে। ম্যানমাৰৰ পৰা খোজ কাঢ়ি আহি মূলসুঁতিত যোগ দিছে৷ ট্ৰাইবেল ইনছাৰজেন্সী নোহোৱা হৈছে (CM Himanta Biswa Sarma Assembly Speech) ৷
নিবনুৱা সমস্যা প্ৰসংগত সদনত উঠা প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- দেশৰ কোনখন ৰাজ্যত নিৱনুৱা সমস্যা নাই, সকলোতে আছে ৷ অসমত আমি এক লাখ চাকৰি দি আছোঁ ৷ কোনোবাই আকৌ প্ৰেছমীট দি সোধে এক লাখ চাকৰি কেতিয়া দিব? আমি নিকাভাৱে নিযুক্তি দি আছোঁ। কোনেও আদালতৰ কাষ চপা নাই ৷ মই আনকি দলীয় সভাতেই প্ৰশ্নৰ সন্মুখীন হওঁ যে দলৰ মানুহক নিযুক্তি দিব পৰা নাই ৷
মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে কোনো কথাৰ বিৰোধিতা কৰিবলৈ বিচৰাত শাসকীয় পক্ষৰ বিধায়ক-মন্ত্ৰীয়ে বাধা দিয়ে। ইয়াৰ মাজতে অখিল গগৈক মুখ্যমন্ত্ৰীৰ টিপ্পনী- ''পুৱা আহি TVৰ বুমবোৰৰ আগত কথা কোৱাৰ টিপছ সদনতো কৰিব নিবিচাৰিব।''
মুখ্যমন্ত্ৰীয়ে লগতে বিৰোধীক উদ্দেশ্যি কয়- ''৭৫ বছৰত কৰিব নোৱাৰা কাম মই দুবছৰতে কৰিব নোৱাৰোঁ ৷ কিন্তু দেশৰ তুলনাত আমি বিগত বছৰত আগত আছোঁ। বাগৰুম্বা নৃত্যৰ পৰা সত্ৰীয়া নৃত্যলৈ সকলোকে আমি বিশ্ব দৰবাৰলৈ নিম ৷ লাচিত বৰফুকনক আমি বিশ্বৰ বুকুত থ'বই লাগিব ৷ চৰাইদেউৰ মৈদামৰ কথা আমি ক'বই লাগিব ৷ চৰাইদেউৰ ওচৰে-পাঁজৰে বিৰোধী দলপতি থাকে ৷ তেওঁ কিন্তু প্ৰধানমন্ত্ৰীৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান দিয়াৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত এষাৰো নক'লে। কংগ্ৰেছৰ বিধায়কসকলে কামাখ্যা, পুৱামক্কা, বৰদোৱাত গৈ সেৱা লৈ ক্ষমা খোজক, কাৰ দিনত NPS হৈছিল?''
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 17:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।