দেশত সম্প্ৰতি কোৰোণা ভাইৰাছৰ প্ৰকোপ। যদিও ক্ৰমাৎ আক্ৰান্ত সংখ্যা হ্ৰাস পাব ধৰিছে তথাপি এতিয়াও কমা নাই বিপদ। আনহাতে, কোৰোণাৰ পৰা মুক্ত হ’বৰ বাবে চলিছে টিকাকৰণ অভিযান। প্ৰতিদিনেই চলিছে টিকাকৰণ প্ৰক্ৰিয়া। ১৮ বছৰৰ ওপৰৰ লোকসকলক ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে দেশজুৰি। ইতিমধ্যে ১৮ বছৰৰ ওপৰৰ লোকসকলৰ বাবে বিনামূলীয়াকৈ ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰিছে চৰকাৰে।
ইয়াৰ মাজতে আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভেকচিন সম্পৰ্কত সুধিলে এটা প্ৰশ্ন। টুইটাৰত ৰাহুল গান্ধীয়ে লিখিছে – ‘‘এটা সাধাৰণ প্ৰশ্ন – যদি ভেকচিন সকলোৰে বাবে বিনামূলীয়া, তেন্তে কিয় ব্যক্তিগত চিকিৎসালয়ে ইয়াৰ বাবদ মূল্য কিয় ল’ব লাগে?’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৰা এই টুইটৰ উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দি ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিলে – ‘‘এটা সাধাৰণ উত্তৰ – ১৮ বছৰৰ ওপৰৰ প্ৰতিজন লোককে মোদী চৰকাৰে চৰকাৰী হাস্পতালত বিনামূলীয়া ভেকচিন প্ৰদান কৰিব। যদিহে কোনোবাই পইচা দিব বিচাৰে তেন্তে ব্যক্তিগত হাস্পতাললৈ যাব পাৰে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|