ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য় চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।
মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই ঘটনাৰ সৈতে যিয়েই জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। সংবাদমাধ্যমৰ আগত শৰ্মাই কয় যে দোষী সকলোৱে আইন মতে শাস্তি পাব।