உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam State Highest Civilian Awards : প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হ'ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা, ৰতন টাটালৈ প্ৰথম সৰ্বোচ্চ বঁটা 'অসম বৈভৱ'

    Assam State Highest Civilian Awards : প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হ'ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা, ৰতন টাটালৈ প্ৰথম সৰ্বোচ্চ বঁটা 'অসম বৈভৱ'

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Assam State Highest Civilian Awards : ২৪ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্য্যসূচীৰ আয়োজন কৰি প্ৰদান কৰা হ'ব ৰাজ্যৰ তিনিটা সৰ্বোচ্চ অসামৰিক সন্মান! দেশৰ প্ৰথিতযশা উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটালৈ আগবঢ়োৱা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ সন্মান ’অসম বৈভৱ’৷

    • Share this:
    অসমৰ জাতীয় জীৱনৰ উন্নয়নৰ বাবে সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান (Assam State Highest Civilian Awards) ৷ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) চৰকাৰে এনে সন্মান প্ৰদান আৰম্ভ কৰছে ৷ তিনিটা বিশেষ বঁটাৰ বাবে নাম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

    এই বছৰৰ শ্ৰেষ্ঠ 'অসম বৈভৱ' (Assam Baibhav) বঁটা আগবঢ়োৱা হৈছে দেশৰ বিখ্যাত উদ্যোগপতি আৰু সমাজসেৱক ৰতন টাটা (Ratan Tata)লৈ ৷ কৰ্কট (Cancer) ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমত প্ৰভূত অৱদান আগবঢ়োৱা দেশৰ প্ৰথিতযশা উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটালৈ আগবঢ়োৱা হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সেৱাৰ সন্মান ’অসম বৈভৱ’৷ ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে মিলি অসম চৰকাৰে ৰাজ্যখনত ১৯খন কৰ্কট ৰোগৰ প্ৰতিষ্ঠানৰ কাম আৰম্ভ কৰিছে।

    বিপৰীতে দ্বিতীয় সৰ্বোচ্চ সন্মান 'অসম সৌৰভ' (Assam Saurav) বঁটা ৷ এই বঁটা আগবঢ়োৱা হ'ব ৰাজ্যৰ ৫ বিশেষ ব্যক্তিলৈ। কটন বিশ্ববিদ্যালয়ৰ প্ৰবক্তা কমলেন্দু দেৱ ক্ৰোৰি, NHMৰ মিছন সঞ্চালক লক্ষ্মণ এছ, ব্যৱসায়ী-শিক্ষাবিদ দীপক চান্দ জৈন, অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোহাঁই, প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ ৷

    একেদৰে তৃতীয় অসামৰিক সন্মান 'অসম গৌৰৱ' (Assam Gaurav) বঁটা প্ৰদান কৰা হ'ব ১৩গৰাকী বিশিষ্ট ব্যক্তিলৈ। এওলোকৰ ভিতৰত আছে স্বাস্থ্য বিভাগৰ সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, GMCHৰ প্ৰবক্তা বসন্ত হাজৰিকা, উদ্যোগী তথা কুকুৰা পালক আকাশ জ্যোতি গগৈ, উদ্যোগী তথা গাহৰি পালক মনোজ কুমাৰ বসুমতাৰী, পৰ্বতাৰোহী খৰছিং তেৰণ, মহিলা উদ্যোগী ববী হাজৰিকা, গুণমালা, নামঘোষা গামোচাত লিখি উলিওৱা শিপিনী হেমপ্ৰভা চুতীয়া,  ANM নাৰ্ছ  নমিতা কলিতা, আশা কৰ্মী বৰ্ণিতা মমীন, অৱসৰপ্ৰাপ্ত বনবিষয়া ধৰণীধৰ বড়ো, যুৱ উদ্যোগী কৌশিক বৰুৱা, অংগনবাড়ী কৰ্মী কল্পনা বড়ো আৰু চিকিৎসক আশ্বিক ইকবাল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: